Local, Vocal, Global

Journalist shot dead in Bihar : ভাতৃ হত্যাৰ মূল সাক্ষী হোৱাৰ বাবে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে সাংবাদিকক

নেশ্যনেল ডেস্ক, ১৮ আগষ্ট : বিহাৰৰ অৰৰিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড(Journalist shot dead in Bihar)। দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে বাতৰি কাকতত কৰ্মৰত সাংবাদিকক বিমল কুমাৰ যাদৱক । প্ৰাথমিক তথ্য অনুসৰি শুকুৰবাৰে পুৱাই আক্ৰমণকাৰীয়ে বিমল কুমাৰ যাদৱৰ দুৱাৰত টোকৰ মাৰি বাহিৰলৈ মাতি আনে আৰু দুৱাৰ খুলি টোপনীৰ পৰা উঠাই গুলীচালনা কৰি হত্যা কৰে । জানিব পৰা মতে ১৮ আগষ্টৰ পুৱাৰ নিজ বাসগৃহতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে সাংবাদিকগৰাকীক।

ঘটনাটো অৰৰিয়া জিলাৰ বেলছাৰা ৰাণীগঞ্জ থানা এলেকাত সংঘটিত হৈছে । বিমলৰ ঘৰত ৪জন লোকে প্ৰৱেশ কৰি এই কাণ্ড সংঘটিত কৰে । সেই সময়ত বিমল শুই আছিল । দুৰ্বৃত্তই বিমলক টোপনিৰ পৰা জগাই গুলীচালনা কৰে। যাৰ ফলত থিতাতে নিহত হয় বিমল যাদৱ । সাংবাদিক গৰাকীৰ বুকুত গুলীয়াই দুৰ্বৃত্তই ।

জানিব পৰা মতে দুবছৰ পূর্বে তেওঁৰ সর্পঞ্চ ভাতৃ শশীভূষণ যাদৱ ওৰফে গবু যাদৱক একেধৰণে হত্যা কৰা হৈছিল ৷ আৰক্ষীৰ মতে, বিমল কুমাৰ যাদৱ তেওঁৰ ভাতৃ হত্যাৰ মূল সাক্ষী আছিল আৰু সেয়েহে শুকুৰবাৰে তেওঁকো হত্যা কৰা হৈছিল (prime witness to his brother’s killing)। খবৰ অনুসৰি বিমলক কেইবাবাৰো সাক্ষ্য দিবলৈ বাধা দিয়া হৈছিল। অৱশ্যে আদালতত চলি থকা বিচাৰৰ সময়ত তেওঁ ভাতৃৰ হত্যাকাৰীৰ বিৰুদ্ধে সাক্ষ্য দিছিল ।

এই ঘটনাৰ পাছতেই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ইতিমধ্যে বিমলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে । মৃত্যুৰ সময়ত বিমল কুমাৰ যাদৱে পত্নী, পুত্ৰ আৰু কন্যাক এৰি থৈ যায়।

লগতে পঢ়ক : Indrani Tahbildar Death Case : চানমাৰি থানাত উপস্থিত আত্মগোপন কৰি থকা দ্বীবন ডেকা