Local, Vocal, Global

Assam CM reaction : বিজেপি নেত্ৰীৰ আত্মহত্যা সন্দৰ্ভত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক, ১৮ আগষ্ট : ৰাজ্যৰ ৰাজনীতি কঁপাই যোৱা ইন্দ্ৰানী টহবিলদাৰৰ আত্মহত্যা কাণ্ড সন্দৰ্ভত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Assam CM reaction) । প্ৰথমে ফটো ভাইৰেল আৰু তাৰ পিছত বিজেপিৰ নেত্ৰীৰ আত্মহত্যা (Assam CM reaction on Indrani Tahbildar suicide case) । ৰহস্যৰ অন্ত পৰা নাই বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত । ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে । আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে ঘটনাৰ সন্দৰ্ভত ন ন তথ্য । এই তথ্যই এতিয়াই চাঞ্চল্যৰ সৃষ্টি কৰিছে । বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ সন্দৰ্ভত নাম সাঙোৰ খাইছে ইজনৰ পিছত সিজনৰ ।

বিজেপি নেত্ৰী ইন্দ্ৰানী টহবিলদাৰৰ আত্মহত্যা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীয়ে বিজেপি নেত্ৰীৰ আত্মহত্যা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু কয় , ‘‘আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত কৰি আছে আৰু আৰক্ষীয়ে তদন্ত কৰি থকা সময়ত এই সন্দৰ্ভত বেছি কথা ক’ব নালাগে । নহ’লে তদন্ত প্ৰক্ৰিয়াত প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থাকে । তদন্তৰ অন্তত সকলো কথা স্পষ্ট হ’ব ।’’

উল্লেখ্য যে, আজি পুৱাই চানমাৰি থানাত হাজিৰ হয় দ্বিবন ডেকা (Indrani Tahbildar Death Case)। হাফপেণ্ট-টিছাৰ্ট পিন্ধি থানাত হাজিৰ হয় দ্বিবন ডেকা। ইন্দ্ৰাণী তহবিলদাৰৰ ফটো ভাইৰেল কাণ্ডত নাম সাঙোৰ খাইছিল দ্বিবন ডেকাৰ নাম (Accused Dwiban Deka appears at Sanmari police station) ।

এই দ্বিবন ডেকাই সিদ্ধাৰ্থ ভট্টাচাৰ্যক দিছিল ইন্দ্ৰাণীৰ ফটো । ভাইৰেল হৈছিল দ্বিবন ডেকা আৰু ৰিয়া দাসৰ ফোনকল। ফোনকলত সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নাম লৈছিল দ্বিবন আৰু ৰিয়াই । ভাইৰেল হৈছিল ইন্দ্রাণী-দ্বীবন ডেকাৰ টেলিফোনিক বাৰ্তালাপ।

বিজেপিৰ নেত্ৰীৰ আত্মহত্য়াৰ ঘটনা সংঘটিত হোৱাৰ পাছতেই বিজেপিৰ বহু নেতাৰ নাম সাঙোৰ খোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : Indrani Tahbildar Death Case : চানমাৰি থানাত উপস্থিত আত্মগোপন কৰি থকা দ্বীবন ডেকা