Local, Vocal, Global

19 Indian fishermen repatriated from Sri Lanka : শ্ৰীলংকাত আবদ্ধ ১৯জন ভাৰতীয় মাছমৰীয়াক মুকলি

নেশ্য়নেল ডেস্ক, ১০এপ্ৰিল : শ্ৰীলংকাত আবদ্ধ ১৯জন ভাৰতীয় মাছমৰীয়াক মুকলি। বুধবাৰে পুৱা চেন্নাই বিমানবন্দৰত উপস্থিত মাছমৰীয়াকেইজন।

উল্লেখ্য যে, শ্ৰীলংকাৰ নৌসেনাই শ্ৰীলংকাৰ জলসীমাত মাছ ধৰাৰ বাবে ৰামনাথপুৰম আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ২১জন মাছমৰীয়াক । ইয়াৰে ১৯জন মাছমৰীয়াক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ হস্তক্ষেপত মঙলবাৰে মুকলি কৰি দিয়ে যদিও এতিয়াও শ্ৰীলংকাৰ কাৰাগাৰত আছে দুজন মাছমৰীয়া(19 Indian fishermen repatriated from Sri Lanka) ।

মঙলবাৰে শ্ৰীলংকাত থকা ভাৰতীয় দূতাবাসে এক্সৰ এটা পোষ্টত লিখে যে, “শ্ৰীলংকাত আবদ্ধ ১৯জন ভাৰতীয় মাছমৰীয়াক মুকলি কৰি দিয়া হৈছে আৰু বৰ্তমান মাছমৰীয়া কেইজন চেন্নাই বিমানবন্দৰত আছে।”ট

ইফালে বিগত সপ্তাহৰ আৰম্ভণিতে ৬ মাৰ্চত শ্ৰীলংকাৰ নৌসেনাই সীমান্ত পাৰ হোৱাৰ বাবে তামিলনাডুৰ পৰা মুঠ ১৯ জন মাছমৰীয়াক গ্ৰেপ্তাৰ কৰাৰ পিছত শ্ৰীলংকাৰ কলম্বোৰ পৰা এয়াৰ ইণ্ডিয়াৰ যাত্ৰীবাহী বিমানত চেন্নাইলৈ প্ৰেৰণ কৰা হৈছিল।১৯ গৰাকী মাছমৰীয়াৰ ভিতৰত মাইলাদুথুৰাইৰ ৯ গৰাকী, পুডুকোটাইৰ ৪ গৰাকী আৰু পুডুচেৰী ৰাজ্যৰ কৰৈকালৰ ৬ গৰাকী মাছমৰীয়া। আটাইকেইজনেই ৬ মাৰ্চত দুখন নাৱেৰে সাগৰত মাছ ধৰিবলৈ গৈছিল(Sri Lanka repatriates 19 Indian fishermen, set to arrive in Chennai)।

এই ঘটনাৰ পিছতে শ্ৰীলংকাৰ নৌসেনাই গ্ৰেপ্তাৰ কৰা মাছমৰীয়াসকলক মুকলি কৰি দিয়াৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ মাছমৰীয়া পৰিয়ালে অনুৰোধ জনাইছিল।

ইয়াৰ পিছতে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে ততাতৈয়াকৈ কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰলৈ এখন পত্ৰ লিখি মাছমৰীয়াসকলক মুকলি কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।

ইয়াৰ পিছতে শ্ৰীলংকাত থকা ভাৰতীয় দূতাবাসৰ বিষয়াসকলে শ্ৰীলংকা চৰকাৰী বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়।

লগতে পঢ়ক : Road Accident : স্কুল বাছ আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ,নিহত এজ