Local, Vocal, Global

শোণিতপুৰ জিলাত মুক্তি যুঁজাৰুক সম্বৰ্ধনা জ্ঞাপন

ভাৰত ত্যাগ আন্দোলনৰ ৭৮সংখ্যক বাৰ্ষিকী উপলক্ষে ভাৰতৰ ৰাষ্ট্ৰপতিৰ হৈ শোণিতপুৰ জিলা প্ৰশাসন আৰু শোণিতপুৰ জিলা মুক্তি যুঁজাৰু সন্মিলনৰ তৰফৰ পৰা জিলাখনৰ জামুগুৰি, ঢেকীয়াজুলিৰ লগতে তেজপুৰৰ দুজন মুক্তি যুঁজাৰুৰ লগতে ২৭গৰাকী প্ৰয়াত স্বাধীনতা সংগ্ৰামীৰ পত্নী আৰু সন্তানক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

শোণিতপুৰ জিলা মুক্তিযুঁজাৰু সন্মিলনৰ হৈ প্ৰদীপ শইকীয়া , অনুপম ডেকা ,পৰেশ পটঙ্গীয়া আৰু জুৱেল নাথে প্ৰবীণ স্বাধীনতা সংগ্ৰামীকেইগৰাকীৰ  জামুগুৰি, ঢেকীয়াজুলি আৰু তেজপুৰৰ বাসভৱনত উপস্থিত হৈ এখনি অংগবস্ত্ৰ আৰু গামোছাৰে প্ৰবীণ স্বাধীনতা সংগ্ৰামীকেইগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে।