Local, Vocal, Global

শ্বহীদ প্ৰণয় কলিতাৰ নামত পথ উন্মোচন

বজালীত শ্বহীদ প্ৰণয় কলিতাৰ নামত উন্মোচন এটা পথ ।মণিপুৰত উগ্ৰপন্থীৰ হাতত মৃত্যু হোৱা শ্বহীদ প্ৰণয় কলিতাৰ  আদ্যশ্ৰাদ্ধ আছিল সোমবাৰে। আদ্যশ্ৰাদ্ধৰ দিনাই শ্বহীদগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় শ্বহীদগৰাকীৰ নামত তেওঁৰ ঘৰলৈ যোৱা পথটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৷ ১ কোটি ৬৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া ১৪০০ মিটাৰ দৈৰ্ঘ্যৰ পথছোৱাৰ ইতিমধ্যে নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে ৷ স্থানীয় ৰাইজৰ সহযোগত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এখন শোকসভাৰ আয়োজন কৰা হয় আৰু শ্বহীদৰ ভাতৃগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ উল্লেখযোগ্য যে সোমবাৰে শ্বহীদগৰাকীৰ ঘৰত তেওঁৰ এটা আৱক্ষ মূৰ্তিও আনুষ্ঠনিকভাৱে উন্মোচন কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে৷