ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহতা

ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহতা। প্ৰতিদিনে বৃদ্ধি সংক্ৰমিত লোকৰ সংখ্যা। বিগত ২৪ ঘন্টাত অৰ্থাৎ সোমবাৰৰ দিনটো ৰাজ্যত পুনৰ আক্ৰান্ত ২৯০০ গৰাকী। ইয়াৰ বিপৰীতে সোমবাৰে আৰোগ্য লাভ কৰি ঘৰলৈ উভতে ১২৬১ গৰাকী ৰোগীয়ে। নতুনকৈ আক্ৰান্ত সকলৰ ভিতৰত ৩৮২ গৰাকী কামৰূপ মহানগৰৰ, ২৯৪ গৰাকী কামৰূপৰ, ২৫০ গৰাকী ডিব্ৰুগড়ৰ আৰু ২০০ গৰাকী নগাঁৱৰ। সোমবাৰৰ দিনটোত ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হয় ৬ গৰাকীৰ।
ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত ৬১,৭৩৭ গৰাকী। বৰ্তমানলৈ ৰাজ্যত ৪৩,৫৮৬ গৰাকী ৰোগী আৰোগ্য লাভ কৰাৰ বিপৰীতে মৃত্যু হৈছে ১৫১ গৰাকীৰ। বৰ্তমান ৰাজ্যত চিকিৎসাধীন অৱস্থাত আছে ১৭,৯৯৭ গৰাকী।
যোৱা ২৪ ঘন্টাত অসমৰ স্বাস্থ্য বিভাগে ৬০,৪২৫ গৰাকী লোকৰ SWAB পৰীক্ষা সম্পন্ন কৰে। ২৪ ঘন্টাত অসমত কৰ’নাত আক্ৰান্তৰ হাৰ ৪.৭৯ শতাংশ।