Local, Vocal, Global

ৰাহুল গান্ধীৰ সাংসদৰ পদ খাৰিজ,৮ বছৰলৈ নিৰ্বাচন খেলিব নোৱাৰিব ৰাহুল গান্ধীয়ে…

ডিজিটেল ডেস্ক:- ৰাহুল গান্ধীৰ সাংসদৰ পদ খাৰিজ।’মোদীৰ উপাধি’গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছতে খাৰিজ কৰা হ’ল ৰাহুল গান্ধীৰ সাংসদ পদ।
শুকুৰবাৰে লোকসভা সচিবালয়ে জাৰি কৰা এক জাননীৰ জৰিয়তে এই কথা জনায়। চুৰাতৰ এখন আদলতে বৃহস্পতিবাৰে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীক ‘মোদীৰ উপাধি’ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে ২০১৯ চনত তেওঁৰ বিৰুদ্ধে দাখিল কৰিছিল মানহানিৰ গোচৰত দোষী সাব্য়স্ত কৰিছিল।২৩ মাৰ্চত গুজৰাটৰ চুৰাত আদালতে দোষী সাৱ্যস্ত কৰি ২ বছৰৰ কাৰাদণ্ড বিহিছিল নেতা গৰাকীক।
ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক বিৰোধিতা কৰে কংগ্ৰেছৰ বহু জ্যেষ্ঠ নেতাই। জ্যেষ্ঠ কংগ্ৰেছ নেতা মনীষ তিৱাৰীয়ে সিদ্ধান্তটোক ভুল বুলি অভিহিত কৰে। তেওঁ কয় যে “লোকসভা সচিবালয়ে এজন সাংসদক অযোগ্য ঘোষণা কৰিব নোৱাৰে। ৰাষ্ট্ৰপতিয়ে নিৰ্বাচন আয়োগৰ সৈতে আলোচনা কৰি এইটো কৰিব পাৰে।

ৰাহুল গান্ধীয়ে নিজৰ ৰক্ষাৰ বাবে উচ্চ ন্যায়লত আবেদন কৰিব পাৰিব।যদি চুৰাট ছেছন কৰ্টৰ ৰায়ত স্থগিতদেশ জাৰি কৰা হয়।তেতিয়াই তেওঁৰ সদস্যপদ থাকিব পাৰে।হাইক’ৰ্টে যদি স্থগিতাদেশ জাৰি নকৰে তেন্তে তেওঁ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব পাৰিব। যদি উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰে তেতিয়াও তেওঁৰ সদস্যপদ ৰক্ষা হ’ব পাৰে। কিন্তু যদিহে উচ্চতম ন্যায়ালয়ে তেওঁক ৰেহাই নিদিয়ে তেন্তে ৮ বছৰৰ বাবে কোনো নিৰ্বাচনত অৱতীৰ্ণ হ’ব নোৱাৰিব।