Local, Vocal, Global

২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব মেঘালয় বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ…

ডিজিটেল ডেস্কঃ-২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ।শনিবাৰে অন্ত পৰিল মেঘালয়ৰ হাই ভল্টেজ নিৰ্বাচনী প্ৰচাৰ অভিযান।

ইতিমধ্যে ১৬ ফেব্ৰুৱাৰীত হয় গ’ল ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচন।২মাৰ্চত তিনিখন ৰাজ্যৰে হ’ব ভোটগণনা।কোন দলে চৰকাৰ গঠন কৰিব তাৰ প্ৰতি দৃষ্টি নিবদ্ধ এতিয়া সকলোৰে।মেঘালয় ,নাগালেণ্ডত কোন দলে চলাব শাসন?

বিগত নিৰ্বাচনত মেঘালয়ত মুকুল চাংমা নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে ২১ খন আখন লাভ কৰি সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হৈছিল।য’ত বিজেপিয়ে লাভ কৰিছিল মাত্ৰ দুখন আসন।২০১৮ চনত মাত্ৰ দুখন আসন লাভ কৰিবলৈ সক্ষম হোৱা বিজেপিয়ে মেঘালয়ত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব নে নহয় সেৱা স্পষ্ট হ’ব ২ মাৰ্চত।

ইফালে বিগত নিৰ্বাচনত মুকুল চাংমাৰ নেতৃত্বত কংগ্ৰেছে ২১ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল যদিও শেহতীয়াকৈ তৃণমূল কংগ্ৰেছত যোগদান কৰে মুকুল চাংমাই।সেয়েহে মেঘালয়ত তৃণমূল কংগ্ৰেছ হৈ পৰিছে এক শক্তিশালী প্ৰতিদ্বন্দী।