Local, Vocal, Global

চেঙাৰ খোলাবান্ধা পাঠিমাৰীৰ বজাৰত বিধ্বংসী অগ্নিকাণ্ড…

ডিজিটেল ডেস্কঃ-দেওবাৰে চেঙাৰ খোলাবান্ধা পাঠিমাৰীত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷অগ্নিকাণ্ডত ভস্মিভুত হয় ৯খনকৈ দোকান ৷অগ্নিকাণ্ডৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

এখন কাপোৰ দোকানৰ পৰা সূত্ৰপাত হয় অগ্নিকাণ্ডৰ ৷প্ৰায় দুঘন্টাৰ পাছত স্থানীয় ৰাইজে জুই নুমাবলৈ সক্ষম হয় যদিও অগ্নিকাণ্ডত ভস্মিভুত হয় কেইবাখনো দোকান ৷

অগ্নিকাণ্ডৰ ফলত কাপোৰৰ দোকান ৩খন,গেলামাল দোকান ৬খনৰ লগতে জাহ যায় আন কেইবাখনো সৰু বৰ দোকান ৷
প্ৰায় ৫০ লক্ষাধিক টকাৰ সা-সামগ্ৰী জাহ যায় বিধ্বংসী অগ্নিকাণ্ডত ৷ঘটনাত কোনো মতে ৰক্ষা পৰে সমগ্ৰ বজাৰখন।ঘটনাস্থলীত উপস্থিত হয় স্থানীয় আৰক্ষী ৷