Local, Vocal, Global

আপুনি যদি মধুমেহ ৰোগত আক্ৰান্ত তেন্তে দৈনিক খাওক নেমু ;আজি আমি আপোনালোকক মধুমেহ ৰোগত আক্ৰান্ত লোকে কেনেধৰণেৰে নেমু খাব লাগে তাৰে বিষয়ে কম।

ডিজিটেল ডেস্কঃ-নেমু হৈছে এনে এবিধ ফল যি আমাৰ দৈনন্দিন জীৱনত উপযোগী।ডায়েবেটিচ হৈছে সচৰাচৰ হোৱা ৰোগবোৰৰ ভিতৰত এটা। ডায়েবেটিচ যিমান সচৰাচৰ হয়, ইয়াক নিয়ন্ত্ৰণ কৰাটো সিমানেই কঠিন। ডায়েবেটিচ নিয়ন্ত্ৰণ কৰিবলৈ বহুতো পদ্ধতি গ্ৰহণ কৰা হয়, ইয়াৰ ভিতৰত এটা হৈছে নেমু। নেমুত এনে বহুতো উপাদান থাকে, যি ডায়েবেটিছত উপকাৰী। নেমুৰ দ্বাৰা ডায়েবেটিচ কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰি আহক জানি লওঁ।

নেমুৰ গুণাগুণ

নেমুত ভিটামিন-এ, ভিটামিন চি, কাৰ্বোহাইড্ৰেট, আঁহ আৰু প্ৰ’টিনৰ থাকে। নেমুত পটাছিয়াম, কেলচিয়াম আৰু মেগনেছিয়ামৰ দৰে খনিজ পদাৰ্থ থাকে। নেমুৰ গ্লাইচেমিক সূচক অতি কম, যাৰ ফলত ইয়াক ডায়েবেটিচত উপকাৰী বুলি গণ্য কৰা হয়।

ই শৰ্কৰাৰ স্তৰ কেনেদৰে হ্ৰাস কৰে?

গ্লাইসেমিক সূচকৰ স্তৰ যিমানে বেছি হয়, সেই বস্তুটো খাই ডায়েবেটিচ স্তৰ সিমানে বৃদ্ধি হয়। সেয়েহে, যদি ডায়েবেটিচ নিয়ন্ত্ৰণত ৰাখিব লাগে, তেন্তে নিম্ন গ্লাইসেমিক সূচক থকা খাদ্য খাব লাগে। নেমুৰ গ্লাইসেমিক সূচক অতি কম, আৰু ইয়াত থকা এণ্টি-অক্সিডেণ্টবোৰে ডায়েবেটিচ নিয়ন্ত্ৰণ কৰে।

নেমু কেনেদৰে খাব?

  • খোৱাৰ এঘণ্টা আগতে এগিলাচ নেমুৰ ৰস খালে ওজন নিয়ন্ত্ৰণত থাকে।
  • যদি আপুনি উচ্চ গ্লাইসেমিক সূচক থকা খাদ্য খায়, তেনেহ’লে ইয়াৰ ওপৰত নেমু খোৱাৰ ফলত ডায়েবেটিচ বৃদ্ধি নহয়।
  • আপুনি চালাডত নেমু যোগ দিব পাৰে আৰু ইয়াক খাদ্যৰ সৈতে খাব পাৰে। খাদ্যৰ লগতে, নেমুত থকা এণ্টি-অক্সিডেণ্টবোৰে শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰাখিব।