Local, Vocal, Global

আজি আদালত হাজিৰ কৰোৱা হ’ব মনীষ ছিচ’দিয়াক !

ডিজিটেল ডেস্কঃ-আজি আদালত হাজিৰ কৰোৱা হ’ব মনীষ ছিচ’দিয়াক।দেওবাৰে CBIৰ জেৰাৰ সন্মুখীন হৈছিল মনীষ ছিছোদিয়া।সুৰা নীতি কেলেংকাৰি সন্দৰ্ভত CBI-এ জেৰা কৰিছিল দিল্লীৰ উপ-মুখ্যমন্ত্ৰীগৰাকীক।৮ ঘন্টাৰ সোধা-পোছাৰ অন্তত গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিচ’দিয়াক।উপ-মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰৰ পাছতেই সোমবাৰে আপে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে।আজি হাজিৰ কৰোৱা হ’ব উপ-মুখ্যমন্ত্ৰীগৰাকীক।

গ্ৰেপ্তাৰ নিশা CBIৰ মুখ্য কাৰ্যলয়ত কটাইছিল ছিচ’দিয়াই।দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়ালে ছিচ’দিয়া গ্ৰেপ্তাৰ কৰাটো ”লেতেৰা ৰাজনীতি”বুলি অভিহিত কৰিছে।লগতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়ালে কৈছে যে জনতাই ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব।

দিল্লীৰ আৰক্ষীয়ে ৰাজধানীৰ কেইবাটাও অংশত আৰক্ষী মোতায়েন কৰিছে।

বাতৰি অনুসৰি আজি CBI ৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত আম আদৰ্মী পাৰ্টিৰ কৰ্মী আৰু সমৰ্থক একত্ৰিক হোৱাৰ সম্ভাৱনা আছে।

দিল্লীৰ উপ-মুখ্যমন্ত্ৰীগৰাকীক আদালতত হাজিৰ কৰোৱাৰ পাছত আদালতে কি নিৰ্দেশ জাৰি কৰে সেয়া হ’ব সময়ত লক্ষণীয়া।