Local, Vocal, Global

ডাবল মাৰ্ডাৰৰ অভিযুক্ত বন্দনা কলিতা, অৰূপ আৰু ধনতিক আজি হাজিৰ কৰোৱা হ’ব আদালত

ডিজিটেল ডেস্কঃ-আজি আদালত হাজিৰ কৰোৱা হ’ব গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ অভিযুক্তক।এক হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য।সম্পত্তিৰ লালসাত বন্দনা কলিতাই শাহু আৰু স্বামীক হত্যা কৰিছিল। হত্যা কৰি মেঘালয়ত অৰূপ আৰু ধনটিৰ সহযোগত পলিথিনত ভৰাই পেলাই দিছিল মৃতদেহ।

ধন সম্পত্তিৰ লালসাই কিমান ভয়ংকৰ হ’ব পাৰে।তাৰে প্ৰমাণ গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ ঘটনা।বন্দনা কলিতাই কলিতাই অবৈধ প্ৰেমিক আৰু প্ৰেমিকৰ বন্ধুৰ সৈতে মিলি হত্যা কৰিছিল স্বামী আৰু শাহুৱেকক।হত্যা কৰাৰ পিছত মৃতদেহ কাটি টুকুৰা-টুকুৰ কৰিছিল।

তিনি অভিযুক্তক ৬দিনৰ আৰক্ষীৰ জিম্মাৰ অন্ত বন্দনা কলিতাৰ।দেওবাৰেই ৭ দিনৰ আৰক্ষীৰ জিম্মাৰ অন্ত পৰিছিল অৰূপ আৰু ধনতিৰ।আৰক্ষীৰ জিম্মাৰ অন্ত পৰাত আজি তিনিওকে হাজিৰ কৰোৱা হ’ব আদালত।পাণবজাৰ থানাত পিতৃয়ে সাক্ষাৎ কৰিবলৈ গৈছিল বন্দনাক।কিন্তু পানবজাৰ আৰক্ষীয়ে সাক্ষাৎ কৰিবলৈ অনুমতি নিদিলে।