Local, Vocal, Global

আজি নাগালেণ্ডত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ…

ডিজিটেল ডেস্কঃ- আজি পুৱাৰে পৰা নাগালেণ্ডত ভোটকেন্দ্ৰসমূহত দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী। নাগালেণ্ডত ৫৯টা সমষ্টিৰ বিপৰীতে ১৮৩জন প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। ইয়াৰ ভিতৰত মহিলা প্ৰাৰ্থীৰ সংখ্যা ৪গৰাকী।ইয়াৰ ভিতৰত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় অকুলুটুৰ BJPৰ প্ৰাৰ্থী কহেতু কিনিমিৰ।

ৰাজ্যখনত মুঠ ভোটাৰ প্ৰায় ১৩,১৭,৬৩২জন।মুঠ ২,৩১৫টা কেন্দ্ৰত ভোট গ্ৰহণ।ইয়াৰে ৬ লাখ ৫৬ হাজাৰ ৩৫ গৰাকী মহিলা । ৬ লাখ ৫৩ হাজাৰ ৬১৬ গৰাকী পুৰুষ ভোটাৰ। শাৰীৰিক বাবে অক্ষম ৭,৯৮১ ভোটাৰ। প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ লাভ কৰা নতুন ভোটাৰ হৈছে ৩০,০৪৯ জন।

সমগ্ৰ ৰাজ্যতেই ইতিমধ্যে ২৩১৫টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে । ইয়াৰে ৫৩১টা চহৰ অঞ্চলত আৰু বাকী ১৭৮৪টা গ্ৰাম্য অঞ্চলত স্থাপন কৰা হৈছে।আনহাতে প্ৰতিটো ভোটকেন্দ্ৰত গড়ে ৫৬৬টা কৈ ভোটাৰ থাকিব।

আজি নাগালেণ্ডত জনতাৰ হাতত ন্যস্ত আছে এক গুৰুত্বপূৰ্ণ দায়িত্ব।কোনে নাগালেণ্ডত চৰকাৰ গঠন কৰিব সেয়া স্পষ্ট হ’ব ২ মাৰ্চত।