Local, Vocal, Global

মেঘালয়ত জব্দ বৃহৎ পৰিমাণৰ হেৰোইন

নিউজ ডেস্ক, ১১ জুলাই : মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ আৰু পূব খাচী পাহাৰ জিলাত দুটা পৃথক ঘটনাত ৮ গ্ৰামতকৈ অধিক হেৰোইন সহ দুজন লোকক গ্ৰেপ্তাৰ আৰক্ষীৰ।

আৰক্ষীয়ে জনায় যে, নিৰ্দিষ্ট তথ্যৰ ওপৰত ভিত্তি কৰি, পশ্চিম গাৰো পাহাৰ জিলাৰ তুৰাত এজন সন্দেহযুক্ত লোকক আটক কৰে আৰু তেওঁৰ ওচৰৰ পৰা হেৰোইন জব্দ কৰে।

পৰৱৰ্তী সময়ত, গ্ৰেপ্তাৰকাৰীয়ে প্ৰদান কৰা তথ্যৰ ওপৰত ভিত্তি কৰি পূব খাচী পাহাৰ জিলাৰ লাইটকোৰ ৰঙীত এটা অভিযান চলায়। আৰু সেই অভিযানৰ সময়ত ৪.৪ গ্ৰাম ওজনৰ হেৰোইন জব্দ কৰে।

আৰক্ষীয়ে দুয়োটা ক্ষেত্ৰৰ পৰা প্ৰায় ৮.১ গ্ৰাম হেৰোইন, ২ টা মোবাইল ফোন আৰু নগদ ১৪,২৩০ টকা জব্দ কৰিছে।

আনফালে, তুৰা আৰু শ্বিলং দুয়োঠাইতে গ্ৰেপ্তাৰ হোৱা লোক দুজনৰ বিৰুদ্ধে NDPS আইনৰ প্ৰাসংগিক ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল।