Local, Vocal, Global

নতুন সংসদ ভৱনৰ ছাদত স্থাপন কৰা ৰাষ্ট্ৰীয় প্ৰতীক উন্মোচন প্ৰধানমন্ত্ৰীৰ

নিউজ ডেস্ক, ১১ জুলাই : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে নতুন সংসদ ভৱনৰ ছাদত স্থাপন কৰা ৰাষ্ট্ৰীয় প্ৰতীক উন্মোচন কৰে।

ভাৰত বৰ্ষৰ নতুন সংসদ ভৱনৰ Central Foyerৰ শীৰ্ষত স্থাপন কৰা ব্ৰঞ্জেৰে নিৰ্মিত ৰাষ্ট্ৰীয় প্ৰতীকটোৰ উচ্চতা ৬.৫ মিটাৰ আৰু ওজন ৯৫০০ কিলোগ্ৰাম ।

উল্লেখ্য যে, প্ৰতীকটো থিয় কৰি ৰাখিবলৈ, প্ৰায় ৬৫০০ কিলোগ্ৰাম ওজনৰ তীখাৰ এক সহায়ক গাঁথনিও নিৰ্মাণ কৰিছে।

নতুন সংসদ ভৱনৰ ছাদত ৰাষ্ট্ৰীয় প্ৰতীক ৰখাৰ ধাৰণা স্কেচ আৰু প্ৰক্ৰিয়াটো ক্লে মডেলিং/কম্পিউটাৰ গ্ৰাফিকৰ পৰা ব্ৰঞ্জৰ কাষ্টিং আৰু পলিছিংলৈ প্ৰস্তুতিৰ আঠটা পৃথক পৰ্যায়ৰ মাজেৰে গৈছে।

উন্মোচনৰ পিছতে প্ৰধানমন্ত্ৰী মোডীয়ে নতুন সংসদ ভৱনৰ কামত জড়িত শ্ৰমিকসকলৰ সৈতেও বাৰ্তালাপ কৰে।

অনুষ্ঠানটোত লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী হৰদীপ পুৰীও উপস্থিত আছিল