Siddaramaiah took oath as Chief Minister : ৰাহুল প্ৰিয়ংকাৰ উপস্থিতিত মুখ্যমন্ত্ৰীৰ শপত ল’লে সিদ্দাৰামায়াই
নেশ্যনেল ডেস্ক , ২০ মে ‘ : শনিবাৰে বেংগালুৰুত শীৰ্ষ নেতাৰ উপস্থিতিত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে সিদ্দাৰামায়াই আৰু উপ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে ডি কে শিৱকুমাৰে(Karnataka oath ceremony Siddaramaiah CM, DK Shivakumar Deputy Chief Minister) । শনিবাৰে দিনৰ ঠিক ১২.৩০ বজাত অনুষ্ঠিত হয় এই শপতগ্ৰহণ অনুষ্ঠান ।
কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সিদ্ধাৰামায়াই এই বিশাল শপতগ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছিল ৮ খন ৰাজ্যৰ মুখ্যমন্ত্ৰীক । লগতে এই অনুষ্ঠানত উপস্থিত থাকে কংগ্ৰেছৰ সকলো শীৰ্ষ নেতাৰ উপৰিও উপস্থিত থাকে দেশৰ সকলো বিৰোধী দলৰ শীৰ্ষ নেতাসকল ।
শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে গান্ধী পৰিয়ালৰ তিনি সদস্য ক্ৰমে ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীৰ উপৰিও দলটোৰ বহু শীৰ্ষ নেতা । ইয়াৰোপৰি উপস্থিত থাকে ৮ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী ক্ৰমে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী(Bengal Chief Minister Mamata Banerjee,), তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিন(Tamil Nadu Chief Minister MK Stalin), ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট(Rajasthan Chief Minister Ashok Gehlot), বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ(Bihar Chief Minister Nitish Kumar), ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল(Chhattisgarh Chief Minister Bhupesh Baghel), হিমাচলৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং(Himachal Chief Minister Sukhbinder Singh), পুডুচেৰীৰ মুখ্যমন্ত্ৰী ৰংগাস্বামী(Puducheri Chief Minister Rangaswamy), ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেন আদি(Jharkhand Chief Minister Hemant Choren) ।
এই শপতগ্ৰহণ অনুষ্ঠানত সকলো নেতাৰ সুৰক্ষাৰ বাবে Z+ নিৰাপত্তা ব্যৱস্থা কৰা হয়(Z+ Security) ।
উল্লেখ্য যে এই অনুষ্ঠানৰ পৰাই ২০২৪ লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ আৰু বিৰোধী ৰাজনৈতিক দলসমূহে ঐক্যবদ্ধ ভাৱে বিজেপিক প্ৰত্যাহ্বান জনাই নতুন সমীকৰণৰ পাতনি মেলাৰো ইংগিত দিয়ে । ২০১৮ ত বিজেপিয়ে কৰ্ণাটক দখল কৰাৰ সময়ত এইদৰেই শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হৈছিল।
কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সিদ্ধাৰমায়াই শনিবাৰে বেংগালুৰুৰ কান্তীৰাভা ষ্টেডিয়ামত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ উপৰিও ডি কে শিৱকুমাৰেও কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । শপতগ্ৰহণ অনুষ্ঠানত ৰাজ্যপাল থাৱাৰচন্দ গেহলটে দুয়োজন নেতাক পদৰ শপত আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰোৱাই ।
তেওঁলোকৰ লগতে আন ৮ জন বিধায়কেও মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । তেওঁলোক ক্ৰমে কংগ্ৰেছৰ বিধায়ক ড০ জি পৰমেশ্বৰ, কে এইচ মুনিয়াপ্পা, কে জে জৰ্জ, এম বি পাটিল, সতীশ জাৰ্কিহোলি, প্ৰিয়াংক খাৰ্গে, ৰামলিংগ ৰেড্ডী আৰু জামিৰ আহমেদ খানে আজি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । ইয়াৰ পূৰ্বে সিদ্ধাৰামাইয়া আৰু শিৱকুমাৰে শুকুৰবাৰে জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক সাক্ষাৎ কৰি মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিবলগা সকলো সম্ভৱৰ নাম আলোচনা কৰে । বাংগালুৰুত অনুষ্ঠিত হোৱা এই শপত গ্ৰহণ অনুষ্ঠানত কংগ্ৰেছৰ সকলো জেষ্ঠ নেতাৰ সৈতে বিৰোধী আঞ্চলিক দলসমূহৰ জেষ্ঠ নেতা সকলও অনুষ্ঠানত উপস্থিত থাকে ।
লগতে পঢ়ক : Karnataka CM Swearing-In Ceremony : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ