Local, Vocal, Global

Rabindra Bhawan renovation: ৰবীন্দ্ৰ ভৱন মেৰামতিৰ নামত ৮ কোটি টকাৰ কেলেংকাৰী !

গুৱাহাটী, ২০ মে’: বিগত কেবাবছৰে বন্ধ হৈ থকা গুৱাহাটী মহানগৰীৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ ৰবীন্দ্ৰ ভৱনৰ মেৰামতিৰ নামত প্ৰায় ৮ কোটি টকাৰ দুৰ্নীতি হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে সাংস্কৃতিক কৰ্মী হেমন্ত শৰ্মা আৰু অনুপম হাজৰিকাই (Rabindra Bhawan in Guwahati) ৷ শণিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি তথ্য ৰাজহুৱা কৰে সাংস্কৃতিক কৰ্মীদ্বয়ে ৷ তেওলোকে অৱগত কৰা অনুসৰি যোৱা ১৬ মাৰ্চত তথ্য জনা অধিকাৰ আইনৰ জড়িয়তে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা ৰবীন্দ্ৰ ভৱনৰ মেৰামতিৰ সবিশেষ তথ্যৰ লগতে অন্যান্য তথ্য বিচৰা হৈছিল (Rabindra Bhawan renovation) ৷ কিন্তু বিভাগৰ তৰফৰ পৰা তিনিটা প্ৰশ্নৰ উত্তৰ দি বাকী মেৰামতিৰ সবিশেষ তথ্য লোকনিৰ্মাণ বিভাগলৈ ঠেলি দিলে ৷

সাংস্কৃতিক পৰিক্ৰমা বিভাগে দিয়া তথ্য অনুসৰি, ‘উত্তৰ-পূব ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সাংস্কৃতিক প্ৰেক্ষাগৃহ হিচাপে এই গৃহটোতে চৰকাৰী, বেচৰকাৰী আদি বিভিন্ন অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হৈছিল ৷ যোৱা বছৰৰ জুনত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী চহৰৰ প্ৰায়ভাগ অঞ্চল পানীৰ তলত থাকিবলগীয়া হোৱাৰ দৰে ৰবীন্দ্ৰ ভৱনৰ চাৰিওদিশ পানীৰে আবৃত আছিল ৷ যাৰ ফলত প্ৰেক্ষাগৃহৰ ভিতৰত পানী সোমোৱাত কাৰ্যসূচী ৰূপায়ণত বাধাগ্ৰস্ত হৈছিল ৷ অৱশেষত বিভাগীয় সঞ্চালকৰ চিঠি নং CAM. ৩৫/২০২২/১০ dtd. ১৭/০৬/২০২২ মৰ্মে আমি তেখেতৰ কাৰ্যালয়ত উপস্থিত হৈ আলোচনাত বহা হৈছিল আৰু আলোচনা মৰ্মে তাৎক্ষণিত হিচাপে পানী বন্ধ কৰাৰ বাবে প্ৰেক্ষাগৃহটোৰ মজিয়াখন পুনৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল ৷ কিয়নো তাৎক্ষণিক পুনৰ নিৰ্মাণ নকৰিলে প্ৰেক্ষাগৃহত কাৰ্যসূচী ৰূপায়ণ কৰা সম্ভৱ নহৈছিল ৷

সেই মৰ্মে বিভাগীয় ফালৰ পৰা জৰুৰীভাৱে কামটো আৰম্ভ কৰা হৈছিল ৷ এই কামটো সম্পূৰ্ণভাৱে নহওঁতেই ৰবীন্দ্ৰ ভৱনটো একে ঠাইতে পুনৰ নিৰ্মাণৰ বাবে ডিপিআৰ প্ৰস্তুত কৰিবলৈ ০৬-০৯-২০২২ তাৰিখে কোকৰাঝাৰত হোৱা কেবিনেট বৈঠক মৰ্মে লেটাৰ নং. Min/DR/IC গুPS/CA/২৯/২০২২/৩৪ dtd. Dispur ০৭/০৯/২০২২ বিভাগীয় বিশেষ আয়ুক্ত আৰু বিশেষ সচিবক (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) লৈ বিভাগীয় মন্ত্ৰী বিমল বড়াৰ পৰা পত্ৰ আহে ৷ সেই সূত্ৰে মেৰামতিৰ কাম বন্ধ কৰা হয় ৷’

বিভাগটোৰ অসামঞ্জস্য উত্তৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হেমন্ত শৰ্মাই কয়, ‘সাংস্কৃতিক বিভাগটোৰ পৰা সাধাৰণতে কোনো আয় নহয় ৷ খৰচহে হয় ৷ ৰবীন্দ্ৰ ভৱনটোৰ পৰা মাহেকত প্ৰায় ৬ লাখকৈ টকা সাস্কৃতিক বিভাগে পায় ৷ মেৰামতিৰ নামত প্ৰায় ৮-৯ কোটি টকা খৰচ কৰা হ’ল ৷ বাৰিষা পানী সোমায় ৷ খৰালিৰ দিনত কিয় খোলা নহ’ল ? পানী সোমোৱা বন্ধ হোৱাত কিয় এতিয়াও খোলা হোৱা নাই ? ধৰিলোৱা হ’ল ভৱনটো ভাঙি পুনৰ নিৰ্মাণ কৰিব ৷ তাৰবাবে ডিপিআৰ প্ৰস্তুত কৰোঁতে কৰোঁতে আৰু এবছৰ লাগিব ৷ এই এবছৰত প্ৰায় ৭০-৭৫ লাখ টকা বিভাগে আয় কৰিব পাৰিলেহেঁতেন ৷’

আনহাতে, ৰাইজৰ টকাৰে মেৰামতিৰ নামত খৰচ কৰা ৮-৯ কোটি টকাৰ হিচাপ দিবলৈ বিভাগটোৱে ভয় কিয় কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰি সংবাদমেলখনৰ আয়োজকে অতি সোনকালে এইক্ষেত্ৰত এক উচ্চস্তৰীয় তদন্তৰ দাবী জনাইছে ৷ উল্লেখ্য যে যোৱা ২০১৮ চনৰে পৰা ৰবীন্দ্ৰ ভৱন বন্ধ হৈ আছিল যদিও মাজতে যোৱা বছৰত কিছুদিনৰ বাবে মুকলি কৰা হৈছিল ৷ কিন্তু প্ৰেক্ষাগৃহত পানী সোমোৱাত মেৰামতিৰ বাবে পুনৰ বন্ধ কৰি দিয়া হয় ৷

লগতে পঢ়ক : Junmoni Rabha mysterious death: তদন্তৰ দায়িত্ব চিবিআইক অৰ্পণৰ সিদ্ধান্তৰ কথা কলে জি পি সিঙে