Local, Vocal, Global

Karnataka CM Swearing-In Ceremony : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ

নেশ্যনেল ডেস্ক, ২০ মে’ : কৰ্ণাটকৰ ৰাজনীতিত যেন অন্ত পৰিল জল্পনা কল্পনাৰ লগতে বহু অপেক্ষাৰ নাটকখন । অৱশেষত নিশ্চিত হ’ল কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ নাম । চাৰি দিন ধৰি চলা আলোচনাৰ অন্তত বৃহস্পতিবাৰে দলটোৱে ঘোষণা কৰিলে মুখ্যমন্ত্ৰীৰ নাম ।

বহু উৎকণ্ঠাৰ অন্তত চিদ্দাৰামায়াক কৰ্ণাটকৰ মুখ্যমন্ত্ৰী আৰু ডি কে শিৱকুমাৰক উপ-মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰিলে কংগ্ৰেছে (Chiddaramaiah declared Karnataka Chief Minister and DK Sivakumar Deputy Chief Minister)। লগতে আজি অৰ্থাৎ শনিবাৰে দুয়োগৰাকীয়ে শপত গ্ৰহণ কৰিব বেংগালুৰুৰ কান্তিৱাৰা ষ্টেডিয়ামত ।

আজি কংগ্ৰেছে উদযাপন কৰিব কৰ্ণাটকৰ আনুষ্ঠানিক বিজয়ৰ উৎসৱ । বিগত কিছুদিন ধৰি চলি অহা মুখ্যমন্ত্ৰীৰ আসনকেন্দ্ৰীক বাদ বিবাদৰ অন্ত পেলাই আজি অৰ্থাৎ শনিবাৰে কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব অভিজ্ঞ ৰাজনীতিবিদ ছিদ্দাৰামায়াই । লগতে উপ-মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব ডি কে শিৱকুমাৰে ।

বেংগালুৰুৰ শ্ৰী কান্তিৰাভা ষ্টেডিয়ামত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন আৰু অন্যান্য ডি এম কে নেতাসকলক আদৰণি জনাই কৰ্ণাটকৰ নৱ নিযুক্ত উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে । শপত গ্ৰহণৰ পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱাব কৰ্ণাটকৰ ৰাজ্যপাল থাৱাৰচান্দ গেহলটে ।

শপত গহণ অনুষ্ঠানটিক বিজেপিবিৰোধী দলসমূহক লৈ এক উমৈহতীয়া মঞ্চত পৰিণত কৰাৰহে যেন চেষ্টা চলাই কংগ্ৰেছে । শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী । তাৰোপৰি উপস্থিত থাকিব বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰচেখৰ ৰাও, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ, দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাল, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডি, এন চি পিৰ মুৰব্বী শৰদ পাৱাৰ আৰু বি এছ পিৰ মুৰব্বী মায়াৱতী আদি দেশৰ শীৰ্ষ ৰাজনৈতিক নেতাক । আজি দুপৰীয়া ১২.৩০ বজাত বেংগালুৰুৰ কান্তিৱাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব শপত গ্ৰহণ অনুষ্ঠান ।