PM Modi on completing 9 years: কেন্দ্ৰত ৯ বছৰ সম্পূৰ্ণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কলে, মোক আৰু অধিক কষ্ট কৰিবলৈ শক্তি দিয়ক
নতুন দিল্লী, ২৭ মে’: কেন্দ্ৰত প্ৰধানমন্ত্ৰী হিচাপে ৯ বছৰৰ কাৰ্যকাল সম্পূৰ্ণ কৰাৰ প্ৰাকক্ষণত জনসাধাৰণে জনোৱা শুভেচ্ছাৰ কৃতজ্ঞতা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এনে মৰম ভালপোৱা লাভ কৰাটো সদায় নম্ৰ (Prime Minister Narendra Modi expressed his gratitude) । লগতে দেশৰ জনসাধাৰণৰ বাবে আৰু অধিক কষ্ট কৰিবলৈ তেওঁ যাতে অধিক শক্তি লাভ কৰে ।
প্ৰধানমন্ত্ৰী মোদীয়ে এটা টুইট কৰি উল্লেখ কৰে যে, “পুৱাৰে পৰা #9YearsOfModiGovernment ত অসংখ্য টুইট প্ৰত্যক্ষ কৰিছো য’ত জনসাধাৰণে ২০১৪ চনৰ পৰা আমাৰ চৰকাৰৰ বিষয়ে যিখিনি শলাগ লৈছে তাক জ্বিলিকাই তুলিছে । এনে মৰম, ভালপোৱা লাভ কৰাটো সদায় নম্ৰ আৰু ই মোক জনসাধাৰণৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলৈ অধিক শক্তি প্ৰদান কৰে” (PM Modi on completing 9 years at Centre)।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰতীয় জনতা দলৰ চৰকাৰে ৩০ মে’ত একেৰাহে দুটা কাৰ্যকালৰ ৯ বছৰ সম্পূৰ্ণ কৰিবলৈ সাজু হৈছে (BJP government is set to complete nine years) । মঙলবাৰে এটা সূত্ৰই প্ৰকাশ কৰা অনুসৰি ভাৰতীয় জনতা দলে ৩০ মে’ৰ পৰা এমাহৰ বাবে সমগ্ৰ দেশজুৰি গণ প্ৰচাৰৰ এক কাৰ্যসূচী আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে (Mass reach-out programme) ।
লগতে ৩০ মে’ৰ পৰা ৩০ জুনলৈকে সমগ্ৰ দেশতে প্ৰায় ৫০ খন ৰেলী উলিওৱাৰ পৰিকল্পনাও কৰিছে, য’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই ৰেলীৰ নেতৃত্ব দিয়াৰ লগতে প্ৰায় আধা ডজন ৰেলীত ভাষণ প্ৰদান কৰিব ।
সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি প্ৰায় এবছৰ বাকী থকা লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰস্তুতিকো এই ৰেলীয়ে সহায় কৰিব (BJPs preparations for the Lok Sabha election) ।
অহা ৩১ মে’ত ৰাজস্থানৰ আজমেৰৰ পৰা প্ৰধানমন্ত্ৰী মোডীয়ে এক মেগা ৰেলীৰ জৰিয়তে এই অভিযানৰ উদ্বোধন কৰিব বুলি সূত্ৰই প্ৰকাশ কৰিছে ।
এই গণ প্ৰচাৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা(BJP national president JP Nadda), কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ(Union Home Minister Amit Shah), প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ(Defence Minister Rajnath Singh)কে আদি কৰি বহুকেইগৰাকী হাই প্ৰফাইল নেতাই অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে, ২০১৪ চনৰ ২৬ মে’ত নৰেন্দ্ৰ মোডীয়ে প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল । ইয়াৰ পিছত পুনৰ ২০১৯ চনৰ ৩০ মে’ত দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী মোডীয়ে ।
লগতে পঢ়ক : Amit Shah hit Congress: অহা নিৰ্বাচনত তৃতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ব নৰেন্দ্ৰ মোডী: অমিত শ্বাহ