Local, Vocal, Global

Amit Shah hit Congress: অহা নিৰ্বাচনত তৃতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ব নৰেন্দ্ৰ মোডী: অমিত শ্বাহ

গুৱাহাটী, ২৫ মে’: দেশৰ নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠান বৰ্জনৰ সিদ্ধান্তক লৈ কংগ্ৰেছৰ লগতে আন একাংশ বিৰোধী দলৰ এই পদক্ষেপক “সস্তীয়া ৰাজনীতি” বুলি উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তীব্ৰ সমালোচনা কৰে (Amit Shah hit Congress and some other opposition parties) । আৰু কয় যে, মানুহে দুবাৰকৈ বিপুল সংখ্যাগৰিষ্ঠতাৰে নৰেন্দ্ৰ মোডীক দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিছে আৰু ২০২৪ চনৰ নিৰ্বাচনতো ৩০০ৰো অধিক আসন লাভ কৰি তেওঁ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ব ( BJP will get 300 seats in 2024 polls, Amit Shah said)।

বৃহস্পতিবাৰে গুৱাহাটীত আয়োজিত অনুষ্ঠানত ভাষণ দি অমিত শ্বাহে কয় যে, আজাদী কা অমৃত মহোৎসৱ আয়োজনৰ বছৰতে অৰ্থাৎ ২৮ মে’ত প্ৰধানমন্ত্ৰী মোডীয়ে নতুন সংসদ ভৱনটি উদ্বোধন কৰিব যদিও কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলসমূহে অনুষ্ঠানটো বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে (PM Modi will inaugurate new Parliament building) ।

“কংগ্ৰেছ দলৰ মনোভাৱ নেতিবাচক (Attitude of Congress party is negative)। কংগ্ৰেছ আৰু ইয়াৰ অংশীদাৰসকলে সস্তীয়া ৰাজনীতিৰ উদাহৰণ দি বৰ্জনৰ আশ্ৰয় লৈছে।” কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এইদৰে কয় ।

অনুষ্ঠানটোত কংগ্ৰেছ আৰু বিৰোধী দলসমূহক তীব্ৰ সমালোচনা কৰি অমিত শ্বাহে কয় যে তেওঁলোকে ৰাষ্ট্ৰপতিয়ে নতুন সংসদ ভৱন উদ্বোধন কৰিব লাগে বুলি অজুহাত দেখুৱাইছে । তেওঁ বিৰোধী শাসিত বহুকেইখন ৰাজ্যৰ কেইবাটাও উদাহৰণ উল্লেখ কৰি কয় যে, য’ত ৰাজ্যপালক বিধানসভাৰ “ভূমি পূজন” অনুষ্ঠানলৈকো আমন্ত্ৰণ জনোৱা হোৱা নাছিল ।

ৰাজ্যৰ নতুন বিধানসভাৰ ভূমি পূজন কৰাৰ সময়ত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক নিমন্ত্ৰণ জনোৱাৰ বিপৰীতে তেতিয়াৰ ছত্তীশগড়ৰ ৰাজ্যপালগৰাকীক কিন্তু নিমন্ত্ৰণ জনোৱা হোৱা নাছিল বুলিও কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে (Bhoomi pujan of Chhattisgarh new state assembly) ।

সভাত অমিত শ্বাহে ঝাৰখণ্ডৰ হেমন্ত চোৰেণৰ চৰকাৰ(Hemant Soren government in Jharkhand), অসমত তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰ(Congress government led by Tarun Gogoi) আৰু মণিপুৰৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ সময়তো হোৱা একেধৰণৰ দৃষ্টান্তৰ কথা উল্লেখ কৰে । লগতে গৃহমন্ত্ৰীগৰাকীয়ে তামিলনাডুৰ কথাও উল্লেখ কৰে ।

“যেতিয়া তেওলোকে কৰে, সকলো ঠিকেই থাকে আৰু যেতিয়া বিজেপিয়ে কৰে তেতিয়া বৰ্জন কৰে ।” গৃহমন্ত্ৰীগৰাকীয়ে এইদৰে কয় ।

লগতে অমিত শ্বাহে কয়, “দেশৰ জনসাধাৰণে দুই তৃতীয়াংশৰ মেণ্ডেট দি মোডীজীক প্ৰধানমন্ত্ৰী বনালে । ৰাইজে নিজৰ ৰায় দিয়ে, ই কংগ্ৰেছৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰশীল নহয় । এয়া গণতন্ত্ৰ । ৰাইজে প্ৰধানমন্ত্ৰী মোডীক মেণ্ডেট দিলে ; কিন্তু কংগ্ৰেছ আৰু ইয়াৰ ৰজাঘৰীয়া পৰিয়ালেহে যোৱা ৯ বছৰ ধৰি এই ৰায় মানি ল’বলৈ সাজু নহ’ল।’

প্ৰধানমন্ত্ৰী মোডীয়ে সংসদত ভাষণ দিলে বিৰোধীয়ে হুলস্থুলৰ সৃষ্টি কৰে আৰু তেওঁক কথা ক’বলৈ নিদিয়ে আৰু বৰ্জনৰ আশ্ৰয় লয় বুলি কৈ গৃহমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহক কৰিলে সমালোচনা ।

“আপোনালোকৰ বৰ্জনৰ দ্বাৰা আমাৰ একো নহয় । যিহেতু জনসাধাৰণৰ আশীৰ্বাদ নৰেন্দ্ৰ মোডীজীৰ লগত আছে । সমগ্ৰ দেশবাসীয়ে বিচাৰিছে যে নিউ ইণ্ডিয়া নিৰ্মাণৰ লগতে গণতন্ত্ৰৰ নতুন এক মন্দিৰ হওক । নতুনকৈ নিউ ইণ্ডিয়া নিৰ্মাণৰ ওপৰত আলোচনা হৈছে।” এইদৰে অমিত শ্বাহে কয় ।

লগতে কলে, “আপোনালোকে কি কৰি আছে, সেইয়া দেশৰ ১৩০ কোটি জনতাই লক্ষ্য কৰি আছে । আগন্তুক নিৰ্বাচনত যেতিয়া আপুনি মেণ্ডেট বিচাৰি জনতাৰ কাষলৈ যাব… দেখিব আপোনালোকে বিৰোধীৰ মৰ্যাদাই হেৰুৱাই পেলাইছে , অহাবাৰ ইমান আসনেই নাপাব । সেয়া প্ৰধানমন্ত্ৰী মোডীয়ে লাভ কৰিব। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ৩০০ৰো অধিক আসন লাভ কৰি মোডীজী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ব।’

লগতে পঢ়ক: Amit Shah on Manipur violence : হিংসাৰ দাবানলেৰে জৰ্জৰিত মণিপুৰবাসীক শান্তিৰ আহ্বান কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ, সকলোকে ন্যায়ৰ আশ্বাস