Local, Vocal, Global

Land centric clash : বজালীত দুটা ফৈদৰ মাজত সংঘৰ্ষ

বজালী, ২৭ মে’ : বজালীৰ বাটুৱাত দুটা ফৈদৰ মাজত সৃষ্টি হয় ভূমিকেন্দ্ৰিক সংঘাত (Land centric clashes between two families)। তথ্য অনুসৰি পথৰ দাঁতিৰ এটুকুৰা ভূমিক কেন্দ্ৰ কৰি সৃষ্টি হয় সংঘাত ।

এটুকুৰা ভূমিক কেন্দ্ৰ কৰি দুটা পৰিয়ালৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় আৰু প্ৰচণ্ড মাৰপিটৰ সৃষ্টি হয়। মাৰপিট ইমানে ভয়াবহ আছিল যে এটা পৰিয়ালৰ ৭ জনকৈ লোক আহত হয়।

শুক্ৰবাৰে সন্ধিয়া পথৰ দাঁতিৰ এটুকুৰা ভুমিক কেন্দ্ৰ কৰি জুলহাছ আলী আৰু জীয়াৰ ৰহমানৰ পৰিয়ালৰ মাজত সংঘটিত হোৱা এই প্ৰচণ্ড মাৰপিটৰ ঘটনাৰ ফলত জুলহাস আলীৰ পৰিয়ালৰ ৭ জনকৈ লোক আহত হয়। জুলহাচ আলী আৰু তেওঁৰ মাতৃৰ অৱস্থা অতি সংকটজন। সংকটজনক অৱস্থাত পুত্ৰ আৰু মাতৃক ততাতৈয়াকৈ বৰপেটা ফকৰউদ্দিন আলী আহামেদ মেডিকেল কলেজ হস্পিটেলত ভৰ্তি কৰোৱা হয়।

লগতে পঢ়ক : newborn baby body recovered : জীৱশ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট কাণ্ড