Local, Vocal, Global

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ

নিউজ ডেস্ক, ১৫ জুন : আজিৰ পৰা আৰম্ভ হৈছে  Presidential Electionৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া । বুধবাৰে নিৰ্বাচন আয়োগে এক জাননী জাৰি কৰি নিৰ্বাচকসকলক খালী পদপূৰণৰ বাবে আহ্বান জনাইছে।

বিভিন্ন বিৰোধী দলবোৰে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ বিষয়ে সিদ্ধান্ত ল’বলৈ Delhiত বৈঠক তৈয়াৰ কৰাৰ সময়তে নিৰ্বাচনী আয়োগে মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

মনোনয়নসমূহ ২৯ জুনলৈকে দাখিল কৰিব পাৰি আৰু কাকতসমূহ ৩০ জুনত পৰীক্ষা কৰা হ’ব। ২ জুলাইক নিৰ্বাচনী যুঁজৰ পৰা প্ৰত্যাহাৰ কৰাৰ অন্তিম তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। ৰাষ্ট্ৰপতি নিৰ্বাচন ১৮ জুলাইত অনুষ্ঠিত হ’ব আৰু ভোটগণনা ২১ জুলাইত অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে, বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল ২৪ জুলাইৰ ভিতৰত শেষ হ’ব। BJP ,INC,NDA আৰু UPA এই চাৰিটা দলৰ মাজত ৰাষ্ট্ৰপতি পদৰ বাবে আৰম্ভ হৈছে নিৰ্বাচনী যুঁজ। আসন্ন ৰাষ্ট্ৰপতিৰ নিৰ্বাচনক লৈ তৎপৰ BJP , নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰাত ব্যস্ত দলটো। মুঠতে ২৪ জুলাইত দেশবাসীৰ বাবে বাছনি কৰা হব নতুন ৰাষ্ট্ৰপতি।