Local, Vocal, Global

সোণাপুৰত অঘটন , কথমপি প্ৰাণ ৰক্ষা ৩জনৰ

নিউজ ডেস্ক, ১৫ জুন : সোমবাৰৰ নিশাৰে পৰা ৰাজ্যত অব্যাহত আছে মুষলধাৰ বৰষুণ। বিভিন্ন স্থানত হোৱা মুষলধাৰ বৰষুণৰ ফলত মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত ভূমিস্খলন, বানপানীৰ দৰে সমস্যাই দেখা দিছে।

নেৰানেপেৰা বৰষুণৰ ফলত আজি পুৱাৰ ভাগত Sonapurৰ Hatkhulaত সংঘটিত হয় এক ভয়ংকৰ ঘটনাৰ ।

পুৱাৰ ভাগত হৈ থকা বৰষুণৰ মাজতে এজন লোকৰ ঘৰ আৰু এখন বাহনৰ ওপৰত এজোপা বৃহৎ আমৰ গছ বাগৰি পৰে ।

খবৰ অনুসৰি ঘটনাটো সংঘটিত হোৱাৰ সময়ত ঘৰটোৰ ভিতৰত তিনিজন লোক আছিল যদিও দুজন লোক ওলাই আহিবলৈ সক্ষম হয় কিন্তু আন এজন ব্যক্তি ঘৰটোৰ ভিতৰত আবদ্ধ হৈ পৰে।

পৰৱৰ্তী সময়ত আৰক্ষীৰ লোক আহি লোকজনক উদ্ধাৰ কৰি সোণাপুৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।