Local, Vocal, Global

Assam Government Recruitment Ceremony : আজি ৪৪,৭০৩ পাৰ্থীক প্ৰদান কৰা হ’ব নিযুক্তি পত্ৰ

গুৱাহাটী, ২৫ মে’ : অসম চৰকাৰৰ বৃহৎ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানটো আজি বিয়লি ৪ বজাত অনুষ্ঠিত হ’ব । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১ লাখ নিযুক্তি সংস্থাপনৰ প্ৰতিশ্ৰুতিৰ দিশে আৰু এখোজ আগুৱাই গ’ল । এই নিযুক্তি পত্ৰ বিতৰণৰ কাৰ্যসূচীত উপস্থিত থাকিব দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Union Home Minister Amit Shah)। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ উপস্থিতিত ৰাজ্য চৰকাৰে ৪৪ হাজাৰ ৭০৩ গৰাকী যুৱক-যুৱতীক প্ৰদান কৰিব নিযুক্তি পত্ৰ (Appointment letters distribution) ।

উল্লেখ্য যে, শেহতীয়াকৈ ৰাজ্যখনৰ বিভিন্ন বিভাগত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল । সেই ফলাফলৰ পাছতেই সকলোকে আজি অৰ্থাৎ ২৫ মে’ত খানাপাৰাস্থিত পশু চিকিৎসালয় মহাবিদ্যালয়ৰ খেলপথাৰত ৰাজহুৱাকৈ নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব । যাৰ বাবেই বিগত কেইদিন মানৰ পৰাই গুৱাহাটীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হেজাৰ হেজাৰ সফল পৰীক্ষাৰ্থীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে । নিযুক্তি পত্র বিতৰণ অনুষ্ঠানটিত বিয়লি ৩ বজাত উপস্থিত হ’ব গৃহমন্ত্ৰী অমিত শ্বাহ ।

অসমত উপস্থিত হৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দুটাকৈ অনুষ্ঠানত অংশ ল’ব । প্ৰথমে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এক অনুষ্ঠানত অংশ গ্ৰহণ কৰিব আৰু বিয়লি ৩ বজাত খানাপাৰাৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত অংশ ল’ব অমিত শ্বাহে ।

উল্লেখ্য যে অমিত শ্বাহৰ অসম ভ্ৰমণৰ পূৰ্বে মহানগৰ প্ৰশাসনে জাৰি কৰিছে বিশেষ পথ নিৰ্দেশনা । মহানগৰ যান-বাহন আৰক্ষীয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি পুৱা ৭ বজাৰ পৰা নিশা ১১.৩০ বজালৈ চাৰিচকীয়া মালবাহী বাণিজ্যিক বাহন মহানগৰীত প্ৰৱেশৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা হৈছে । ২৭ আৰু ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰে চাৰিচকীয়া বাণিজ্যিক বাহন চলাচলত এই নিষেধজ্ঞা আৰোপ কৰা হৈছে।

আনহাতে পাঞ্জাবাৰী ৰ’ড, জি এচ ৰ’ড, বি বৰুৱা ৰ’ড, জি এন বি ৰ’ড, এটি ৰ’ড আৰু ডিজি ৰ’ডত পুৱা ৯ বজাৰ পৰা নিশা ৭ বজালৈ তিনিচকীয়া বাণিজ্যিক বাহন চলাচলত বাধা মহানগৰ যান-বাহন আৰক্ষীৰ । ইয়াৰ সমান্তৰালভাবে মহানগৰীত ন’ ড্ৰোণ ফ্লাই জ’ন হিচাপেও ঘোষণা কৰা হৈছে (no drone fly zone) ।

লগতে পঢ়ক: Amit Shah Assam Visit: বৃহস্পতিবাৰে চাংসাৰীত ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব দেশৰ গৃহমন্ত্ৰীয়ে