Amit Shah Assam Visit : গৃহমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ মহানগৰ আৰক্ষীৰ পথ নিৰ্দেশনা

গুৱাহাটী,২৪ মে: কাইলৈ অসমলৈ আহিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ(Union Minister Amit Shah)।অসম চৰকাৰল ১ লাখ নিযুক্তিৰ লক্ষ্যৰে কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে খানাপাৰাত ৪৫ হাজাৰ নিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিব (Assam government to distribute appointment letters) । এই অনুষ্ঠানত অংশগ্ৰহন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ আগমনক লৈ সাজু কৰি তোলা হৈছে বিশাল মণ্ডপ।লগতে গৃহমন্ত্ৰী গৰাকীৰ অসম ভ্ৰমণক লৈ ৰাজ্য চৰকাৰে নিৰাপত্তামূলক কিছুমান পদক্ষেপ গ্ৰহন কৰিছে।সমান্তৰালভাৱে জাৰি কৰিছে কেইবাটাও নিৰ্দেশনা।
খানাপাৰাত অনুষ্ঠিত হ’বলগীয়া চাকৰিৰ নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানৰ পূৰ্বে ন’ ড্ৰোণ ফ্লাই জ’ন (No Drone Fly Zone) ঘোষণা কৰা হৈছে। আজি আৰু কাইলৈৰ বাবে গুৱাহাটীত মহানগৰী ন’ ড্ৰোণ ফ্লাই জ’ন (No Drone Fly Zone)থাকিব।এই দুটা দিনত গুৱাহাটীত কোনো লোকে উৰুৱাব নোৱাৰিব ড্ৰোণ।
লগতে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ(Union Home Minister Amit Shah) অনুষ্ঠানত উপস্থিত থকাৰ পৰিপ্ৰেক্ষিততেই মহানগৰীত জাৰি কৰা হৈছে কেইবাটাও পথ নিৰ্দেশনা।জাৰি কৰা পথ নিৰ্দেশনা অনুসৰি কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰৰ পুৱা ৭ বজাৰ পৰা নিশা ১১.৩০ বজালৈ চাৰিচকীয়া মালবাহী বাণিজ্যিক বাহন মহানগৰীত প্ৰৱেশৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা হৈছে।
এই নিষেধজ্ঞা আৰোপ কৰা হৈছে ২৭ আৰু ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰে চাৰিচকীয়া বাণিজ্যিক বাহন চলাচলৰ ক্ষেত্ৰত। আনহাতে পাঞ্জাবাৰী ৰ’ড, জি এচ ৰ’ড, বি বৰুৱা ৰ’ড, জি এন বি ৰ’ড, এটি ৰ’ড আৰু ডিজি ৰ’ডত কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰৰ পুৱা ৯ বজাৰ পৰা নিশা ৭ বজালৈ তিনিচকীয়া বাণিজ্যিক বাহন চলাচলত বাধা মহানগৰ যান-বাহন আৰক্ষীৰ।
ইয়াৰোপৰি, মহানগৰ যান–বাহন আৰক্ষীয়ে ইয়াৰ কেইবাটাও পথত নিষেধাজ্ঞা আৰোপ কৰিছে। ২৫ মে’ৰ পুৱা ৭ বজাৰ পৰা নিশা ১১ বাজি ৩০ মিনিটলৈ জৰুৰীকালীন সেৱাৰ বাহনৰ বাহিৰে অন্য বাহন চলাচলত নিষেধাজ্ঞা থাকিব। যান-বাহন শাখাৰ DCPএ এই নিৰ্দেশনা জাৰি কৰিছে।