Local, Vocal, Global

Amit Shah Assam Visit: বৃহস্পতিবাৰে চাংসাৰীত ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব দেশৰ গৃহমন্ত্ৰীয়ে

গুৱাহাটী, ২৩ মে’: অহা ২৫ মে’ত অসমলৈ আহিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ । এই ভ্ৰমণৰ সময়ত গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ উন্নয়নৰ গতি তৰান্বিত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ লগতে নিৱনুৱা যুৱক যুৱতীসকলৰ কৰ্মসংস্থাপনৰ সমস্যা দূৰ কৰাৰ লক্ষ্যৰে বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিব । ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে আয়োজন কৰা এখন সংবাদমেলৰ জড়িয়তে গৃহমন্ত্ৰীগৰাকীৰ আগন্তুক অসম ভ্ৰমণৰ উল্লেখযোগ্য দিশসমূহৰ কথা উল্লেখ কৰাৰ লগতে গ্ৰহণ কৰিব লগা বৃহৎ পদক্ষেপসমূহৰ এক ৰূপৰেখা দাঙি ধৰে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি,গৃহমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ অন্যতম উল্লেখযোগ্য কাৰ্যসূচীত আছে চাংসাৰীত ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ (NFSU)আধাৰশিলা স্থাপন অনুষ্ঠান। এই অত্যাধুনিক কেম্পাছটো হ’ব দেশৰ ভিতৰতে নৱম আৰু ইয়াত দক্ষিণ-পূব এছিয়া, ভূটান, বাংলাদেশ আৰু নেপালৰ বিজ্ঞানীসকলক ফৰেনছিকৰ বিস্তৃত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব ।

এন এফ এছ ইউ ,গুৱাহাটীয়ে বিভিন্ন ফৰেনছিক বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ পাঠ্যক্ৰম প্ৰদান কৰিব, যাৰ দ্বাৰা ফৰেনছিক বিজ্ঞানৰ ক্ষেত্ৰত এক দক্ষ কৰ্মশক্তি নিশ্চিত হ’ব । লগতে ইয়াৰ দ্বাৰা ৰাজ্যখনৰ সামৰ্থ্য বৃদ্ধিৰ লগতে দেশত ফৰেনছিক বিজ্ঞানৰ উন্নতিত বিশেষ অৰিহণা আগবঢ়াব ।

দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণৰ কাৰ্যসূচীত এক গুৰুত্বপূৰ্ণ অনুষ্ঠানত অসমৰ চাকৰি প্ৰত্যাশীসকলৰ বাবে ৪৪,৭০৩ খন নিযুক্তি পত্ৰ বিতৰণৰ সভাত অংশগ্ৰহ কৰিব, যি হ’ব ৰাজ্যখনত বৰ্তমানলৈকে সৰ্বাধিক চাকৰিৰ নিযুক্তি পত্ৰ বিতৰণৰ কাৰ্যসূচী ।

মঙলবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলখনত উল্লেখ কৰে যে, চৰকাৰে ইতিমধ্যে ৪১,৯২০টা চৰকাৰী পদৰ বিপৰীতে নিয়োগৰ ব্যৱস্থা কৰিছে, আৰু অতিৰিক্ত ২২,৭৭৬টা পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া অতি সোনকালে আৰম্ভ হ’ব । লগতে তেখেতে উল্লেখ কৰে যে, নিযুক্তি পোৱা প্ৰাৰ্থীসকলে ১ জুনৰ পৰা ১৫ জুনৰ ভিতৰত চাকৰিত যোগ দিব লাগিব । লগতে নতুনকৈ চাকৰি লাভ কৰা সকলক চৰকাৰে প্ৰয়োজনত বেলেগ বেলেগ বিভাগতো ব্যৱহাৰ কৰিব পাৰিব বুলি উল্লেখ কৰি তেখেতে কয় যে, এইক্ষেত্ৰত এখন অধ্যাদেশ ইতিমধ্যেই জাৰি কৰা হৈছে । অৱশ্যে এই অধ্যাদেশখন পুৰণা কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব ।