Local, Vocal, Global

Daily Horoscope for 25th may: কেনে যাব আপোনাৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি:আজি আপোনাৰ সমস্যা দূৰ হ’ব।আজি আপুনি কাৰো ওপৰত খং নকৰিব । শত্ৰুৰ পৰা সাৱধান হওক । ভ্ৰমণ পৰাই এৰাই চলক ৷

বৃষ ৰাশি: আজি দিনটো অনুকূল ।মনৰ কথা শুনক। আজি আপোনাৰ শাৰীৰিক অৱস্থা উত্তম থকাৰ লগতে মানসিক অৱস্থাও উত্তম হৈ থাকিব ।

মিথুন ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে অনুকূল হব।আপোনাৰ আজি খৰছ হ’ব । আৰ্থিক লাভৰ সুযোগ আহিব পাৰে । আজি আপুনি সুস্থ-সবল আৰু উদ্যমী হৈ থাকিব ।

কৰ্কট ৰাশি:আপুনি ডাঙৰ কিবা এটা পোৱাৰ লক্ষ্যৰে জীৱনত সৰু আনন্দবোৰ অৱহোলা নকৰিব
আজি আপুনি সতৰ্ক হৈ থাকক । শাৰীৰিক আৰু মানসিক অৱস্থাৰ অৱনতি ঘটিব পাৰে । অপ্ৰত্যাশিত ব্যয়ৰ বাবে সাজু থাকক । প্ৰিয়জনৰ সৈতে বিবাদৰ ফলত সম্পৰ্ক বেয়া হ’ব পাৰে ।

সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে অনুকূল দিন । পৰিয়ালৰ লোকৰ সৈতে তৰ্ক-বিতৰ্ক হোৱাৰ আশংকা । শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে থাকিব ।

কন্যা ৰাশি:ব্যাক্তিগত সম্পৰ্ক হওক বা কৰ্মজীৱন জোৰ কৰি কোনো পদক্ষেপ গ্ৰহন নকৰিব। কোনো কাম হাতত লোৱাৰ পূৰ্বে ভালদৰে চিন্তা কৰিব । বন্ধুসকলৰ সৈতে আনন্দপূৰ্ণ সময় কটাব পাৰে ।

তুলা ৰাশি: আজি আপুনি ভ্ৰমণৰ দিন পিছুৱাই দিয়ক । আপোনাৰ কোনো কামত মন নবহিব পাৰে । নতুন কাম হাতত লোৱাৰ পৰা বিৰত থাকক । আৰ্থিক লাভৰ যোগ ৷ স্বাস্থ্যৰ যত্ন লওক ৷

বৃশ্চিক ৰাশি: আজি দিনটো স্বাভাৱিক । পৰিয়ালৰ সৈতে সময় কটালে আনন্দ লাভ কৰিব ।আজি আপুনি হয়তো বন্ধু আৰু পৰিয়ালৰ লোকৰ পৰা কোনো উপহাৰ লাভ কৰিব ৷ ভ্ৰমণ সুখদায়ক হ’ব ।

ধনু ৰাশি: আজি আপুনি সতৰ্ক হৈ থাকক ৷ আজি আপোনাৰ পৰিয়ালৰ লোকৰ সৈতে ভুল বুজাবুজি হ’ব পাৰে । ক্ৰোধক নিয়ন্ত্ৰণত ৰাখক ৷

মকৰ ৰাশি: আজি আপুনি মনৰ কথা শুনক। আপুনি সামাজিক কৰ্মৰ দ্বাৰা লাভান্বিত হ’ব । বিবাহ প্ৰাৰ্থীসকলৰ বিবাহৰ যোগ ।

কুম্ভ ৰাশি: আজি আপোনাৰ বাবে এটা অনুকূল দিন । কৰ্মক্ষেত্ৰত পৰিৱেশ ভালেই থাকিব ৷ সাংসাৰিক জীৱনো আনন্দেৰে পৰিপূৰ্ণ হ’ব ।

মীন ৰাশি:আজি আপোনাৰ দিনটো শুভ ।আজি আপুনি নিজৰ সন্তানক লৈ চিন্তাত থাকিব পাৰে । ব্যয় বৃদ্ধি হ’ব পাৰে ।

লগতে পঢ়ক: Assam Meghalaya border dispute issue: অসম মেঘালয়ৰ সীমা বিবাদক লৈ কইনাধৰাত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীৰ গুৰুত্বপূৰ্ণ বৈঠক