Local, Vocal, Global

25 injured in road accident in Kerala : কেৰালাত শোকাৱহ পথ দুৰ্ঘটনা

নেশ্যনেল ডেস্ক, ২৫ মে’: কেৰালাত শোকাৱহ পথ দুৰ্ঘটনা(road accident)।কেৰালাৰ টালৰ জেৰুজালেমৰ ওচৰৰ ৰাষ্ট্ৰীয় ঘাইপথত(National Highway near Talor Jerusalem) ৰখাই থোৱা এখন ল’ৰীত খুন্দা মাৰে এখন যাত্ৰীবাহী বাছে। ফলত যাত্ৰীবাহী বাছখনৰ ২৫ জন লোক গুৰুতৰভাৱে আহত হয়( 25 injured)। বৃহস্পতিবাৰে পুৱা প্ৰায় ৪ মান বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো। জানিব পৰা মতে যাত্ৰীবাহী বাছখন তামিলনাডুৰ পৰা গৈ আছিল।

সূত্ৰ অনুসৰি , তামিলনাডুৰ পৰা যাত্ৰী কঢ়িয়াই অনা বাছখনৰ ইঞ্জিন বিকল হোৱাৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই(engine failure)চালকে পথৰ কাষত ৰখাই থোৱা ল’ৰীখনত খুন্দা মাৰে । ফলত গুৰুতৰভাৱে আহত হয় ২৫জনকৈ যাত্ৰী ।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় আৰু স্থানীয় লোকৰ সহায়ত আহত লোকসকলক উদ্ধাৰ কৰি ওচৰৰে এখন ব্যক্তিগত চিকিৎসালয় আৰু থ্ৰিছুৰৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰাই(Medical College Hospital in Thrissur)।

আৰক্ষীয়ে জনোৱা মতে, ৫জন লোকৰ অৱস্থা অতি সংকটজনক। আৰক্ষীয়ে ঘটনাসন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক: New Parliament Inauguration : নতুন সংসদ ভৱন উদ্বোধনত একাষৰীয়া কৰিলে ৰাষ্ট্ৰপতিক