Local, Vocal, Global

UPPL Members Pictured With Stack Of Rs 500 Notes,Photo goes Viral : টকাৰ ওপৰত শোৱে UPPLৰ নেতা-কৰ্মীয়ে; সামাজিক মাধ্যমত ভাইৰেল ফটো

নিউজ ডেস্ক,২৮ এপ্ৰিল : টকাৰ ওপৰত শোৱে UPPLৰ নেতা-কৰ্মীয়ে। সামাজিক মাধ্যমত ভাইৰেল ফটো । টকাৰ ওপৰত শুৱে এন্থনী নাৰ্জাৰী আৰু জন্টি বসুমতাৰীয়ে। খমখমীয়া ৫০০ টকাৰ নোটৰ ওপৰত শুই আপোন-পাহৰা দুই নেতা(UPPL Members Pictured With Stack Of Rs 500 Notes,Photo goes Viral ) ।

প্ৰশ্ন হয় কিয় টকাৰ ওপৰত এনেদৰে শুইছে UPPLৰ নেতাই ।

লোকসভা নিৰ্বাচনী প্ৰচাৰৰ ধামখুমীয়াৰ মাজতে এইবাৰ ভাইৰেল ইউ পি পি এল নেতাৰ টকাৰ ওপৰত শুই থকাৰ আলোক চিত্ৰ । কোকৰাঝাৰত ভাইৰেল আলোকচিত্ৰ ।

উল্লেখ্য যে, এন্থনী নাৰ্জাৰী আৰু জন্টি বসুমতাৰী নামৰ ছাত্ৰনেতা দুজনক টকাৰ দ’মৰ সৈতে এখন ফটোত দেখিবলৈ পোৱা গৈছে। দুটা বেগৰ ভিতৰত থকা ৫০০টকীয়া বাণ্ডিল এটা ৰুমৰ ভিতৰত তেঁওলোকে ভাগ-বতৰা কৰি আছে আৰু এজনে সেই ধনৰ ওপৰতে শুই আছে । টকাৰ ওপৰত শুই থকাৰ সময়তে গোপনে তাৰ ফটো মাৰিছে আন এজনে।

বি পি এফৰ এক সূত্ৰই অভিযোগ কৰা মতে বড়োলেণ্ড ষ্টুডেণ্ট ইউনিয়নৰ এই নেতাকেইজনক ইউ পি পি এলত যোগদান আৰু কোকৰাঝাৰ সমষ্টিৰ নিৰ্বাচনত সহায় কৰি দিবৰ বাবে তেওঁলোকক ৩কোটি টকা দিয়া হৈছিল।

দুৰ্নীতি নকৰো বুলি ৰাজহুৱাভাৱে শপত খোৱা প্ৰমোদ বড়োৰ দল UPPL ৰ নেতাৰ এনে নাভূত-নাশ্রুত কাণ্ডই হতহম্ভ কৰি তুলিছে। ডিঙিৰ শিৰ ফুলাই দুৰ্নীতিৰ নকৰো বুলি দম্ভালি মৰা প্ৰমোদ বড়োৰ UPPLৰ নেতাই শুৱেই টকাৰ ওপৰত।

লগতে পঢ়ক : Delhi Congress chief Arvinder Singh Lovely resigns from his post : নিৰ্বাচনী ধামখুমীয়াৰ মাজতে দল ত্যাগ কৰিলে দিল্লী কংগ্ৰেছৰ মুৰব্বী অৰবিন্দ সিং লাভলীয়ে