আজি KAAC নিৰ্বাচনৰ ভোট গণনা
নিউজ ডেস্ক, ১২ জুন : ৮ মেত অনুস্থিত হোৱা ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা কিছু সময়ৰ আগৰে পৰা আৰম্ভ হৈছে। উল্লেখ্য যে, নিৰ্বাচনত প্ৰায় ৭৬.১১ শতাংশ ভোটদাতাই নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰিছিল।
এইবাৰ নিৰ্বাচনত EVM ৰ সলনি বেলট পেপাৰৰ (Ballot Paper) জৰিয়তে ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল।
দুই-এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে স্বায়ত্তশাসিত পৰিষদৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন হৈছিল। পশ্চিম কাৰ্বি আংলঙৰ ১ নম্বৰ দুৱাৰ আমলা সমষ্টিৰ ১৬ নম্বৰ পুঞ্জা এম ই স্কুলৰ ভোট কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাৰ পাছত কেন্দ্ৰটোত পুনৰ ভোটগ্ৰহণ সম্পন্ন হৈছিল।
উল্লেখযোগ্য যে, পৰিষদৰ ২৬ খন আসনৰ বাবে অনুষ্ঠিত নিৰ্বাচনত মুঠ ১৫৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।