Local, Vocal, Global

বৰ থেকেৰাৰ ঔষধি গুণ

নিউজ ডেস্ক, ১১ জুন : থেকেৰা অসমত সচৰাচৰ পোৱা ‌এবিধ‌ ফল। থেকেৰা বা Garcinia pedunculata থাইলেণ্ড আৰু মালয়েছিয়াৰ দক্ষিণ অঞ্চলৰ চিৰসেউজ অৰণ্যত সাধাৰণতে পোৱা এক ডাঙৰ চিৰস্থায়ী উদ্ভিদ। এই প্ৰজাতিটো সমগ্ৰ উপদ্বীপীয় মালয়েছিয়াত বনৰীয়া ভাৱে খেতি কৰে কিন্তু ইয়াৰ অৰ্থনৈতিক আৰু ঔষধি মূল্যৰ বাবে বিশেষকৈ উত্তৰৰ ৰাজ্যসমূহতো ব্যাপকভাৱে খেতি কৰা হয়।

ইয়াৰ ভিতৰত বৰ থেকেৰা অন্যতম।বৰ থেকেৰা এবিধ বহুবৰ্ষী গছ। ইয়াৰ পাতবোৰ যথেষ্ট ডাঠ হোৱাৰ লগতে ডাঙৰ ডাঙৰ। পাতৰ ৰং ডাঠ সেউজীয়া হয়। বৰ থেকেৰা গছত বগা ৰঙৰ ফুল ফুলে। ফুলৰ পৰা গোলাকৃতিৰ ফল হয়। ফলবোৰ কেঁচা অৱস্থাত সেউজীয়া, পকিলে ইয়াৰ বৰণ হালধীয়া হয়। দেখাত অতি লোভনীয় আৰু মনোৰম ফলবোৰ কিন্তু বৰ টেঙা। বৰ থেকেৰা ‘এচকৰবিক’ খাদ্যপ্ৰাণ আৰু খনিজ পদাৰ্থৰে ভৰপূৰ। চাইট্ৰিক এচিড, টাৰ্টাৰিক এচিড, মেলিক এচিড আৰু এস্কৰ্বিক এচিড, হাইড্ৰক্সিচাইট্ৰিক এচিড আৰু ফ্লেভোনইডো থাকে থেকেৰাত।


বৰ থেকেৰা কাটি ৰʼদত শুকুৱাই থোৱা হয় আৰু ইয়াক পাছত ব্যৱহাৰ কৰা হয়।


বৰ থেকেৰাৰ বহুতো ঔষধি গুণ আছে তাৰ ভিতৰত কিছুমান হৈছে-
১/ সঞ্চিত গ্ৰহণী ৰোগত বৰ থেকেৰাৰ আঞ্জা বনাই খালে ৰোগ নিৰাময় হয়।
২/আমাশয় ৰোগত বৰ থেকেৰা গুটিৰে সৈতে এৰাতি তিয়াই সেই পানী পিছদিনা খালে উপকাৰ পোৱা যায়।
৩/বৰ থেকেৰা নানা ৰোগৰ প্ৰতিষেধক। সেয়ে মাজে-সময়ে ভাতৰ লগত বৰ থেকেৰাৰ আঞ্জা খাব লাগে।
৪/অজীৰ্ণ হ’লে বৰ থেকেৰা পানীত তিয়াই তাৰ ৰস খালে অজীৰ্ণ ৰোগ নিৰাময় হয়।
৫/পুৰণি বৰ থেকেৰাৰ চৰ্বতে তেজ হাগনী ৰোগ নিৰাময় কৰাত সহায় কৰে।
৬/বৰ থেকেৰাই সৌন্দৰ্য বৃদ্ধিতো সহায় কৰে। বৰ থেকেৰা পানীত তিয়াই সেই পানী চেনি অকণমান আৰু নিমখ অকণমান দি খালে ছাল নিমজ হয়। অৱশ্যে এচামুচৰ বেছি খোৱা উচিত নহয়।
৭/পেটৰ অসুখতো বৰ থেকেৰা পানীত তিয়াই খচি সেই পানী এচামুচকৈ দিনে দুই-তিনিবাৰ খালে উপকাৰ পোৱা যায়
৮/পানী লাগিলেও বৰ থেকেৰাৰ পানী খালে ৰোগ সোনকালে নিৰাময় হয়।