Local, Vocal, Global

ভোট গণনাৰ প্ৰথম পৰ্য্যায়ত কোনে লাভ কৰিছে অগ্ৰগতি

নিউজ ডেস্ক, ১২ জুন : পুৱাৰে পৰা আৰম্ভ হৈছে ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা।

ভোট গণনাৰ প্ৰথম পৰ্য্যায়ত ৪টা সমষ্টিত BJPয়ে অগ্ৰগতি লাভ কৰিছে ।

দুৱাৰ আমলা সমষ্টি, আমৰি সমষ্টি, সিংহাসন সমষ্টি আৰু চিংঠং সমষ্টিত বৰ্তমান সময়লৈকে বিজেপি প্ৰাৰ্থীয়ে অগ্রগতি লাভ কৰিছে।

উল্লেখযোগ্য যে,পৰিষদৰ ২৬ খন আসনৰ বাবে অনুষ্ঠিত নিৰ্বাচনত মুঠ ১৫৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এইবাৰ নিৰ্বাচনত EVM ৰ সলনি বেলট পেপাৰৰ (Ballot Paper) জৰিয়তে ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল।