অহা ৭ মাৰ্চত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব কনৰাড চাংমাই

ডিজিটেল ডেস্ক:- ফলাফল ঘোষণা হ’ল সদ্য সমাপ্ত মেঘালয়ৰ নিৰ্বাচনৰ।অহা ৭ মাৰ্চত দ্বিতীয়বাৰৰ কাৰ্যকালৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব কনৰাড চাংমাই।পুনৰ এবাৰ মেঘালয়ত চৰকাৰ গঠন কৰিব কনৰাড চাংমাই।মেঘালয়ত চৰকাৰ গঠন কৰাটো নিশ্চিত কৰিলে কনৰাড চাংমা নেতৃত্বাধীন এনপিপিয়ে।
অৱশ্যে বিধানসভা নিৰ্বাচনত ২৬ খন আসন জয় লাভ কৰা কনৰাড চাংমাই নেতৃত্বাধীন এনপিপিয়ে স্পৰ্শ কৰিব নোৱাৰিলে চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজনীয় আসনৰ সংখ্যা ৩২।
শেহতীয়া মেঘালয়ত বিধানসভাৰ নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰা কনৰাড চাংমা নেতৃত্বাধীন এনপিপিয়ে বিজেপিৰ লগতে আন কোন দলে চৰকাৰ গঠন কৰিব ইয়াকে লয় সৰৱ চৰ্চা চলিছে ৰাজ্যখনৰ ৰাজনৈতিক ক্ষেত্ৰখনত।
ইতিমধ্যে শুকুৰবাৰে ৰাজ্যপাল ফাগু চৌহানৰ হাতত মুখ্যমন্ত্ৰীৰ পদত্যাগ পত্ৰ অৰ্পণ কৰি পুনৰ চৰকাৰ গঠনৰ প্ৰস্তাৱ দাখিল কৰিছে চাংমাই।
উল্লেখ্য যে, সদ্য ঘোষিত মেঘালয় বিধানসভা নিৰ্বাচনত কনৰাড চাংমা নেতৃত্বাধীন এনপিপিয়ে ২৬ খন আসন লাভ কৰাৰ বিপৰীতে বিজেপি, এইচএছপিডিপি, পিডিএফ আৰু আইএনডিয়ে দুখনকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছে।আনহাতে ৰাজ্যখনত এইবাৰ কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে লাভ কৰিছে ৫ খনকৈ আসন।৬০ জনীয়া মেঘালয় বিধানসভাত চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ৩১ খন আসনৰ।যাৰ বাবে বিজেপিকে ধৰি এইচএছপিডিপি, পিডিএফ, আইএনডিৰ সহযোগত চৰকাৰ গঠন কৰিব এনপিপিয়ে।