পৰকীয়া প্ৰেমৰ বাবে স্বামীয়ে হত্যা কৰিলে গৰ্ভৱতী পত্নীক !
ডিজিটেল ডেস্ক:- ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা।মানুহ যেন সময়ৰ সোঁতত লাহে লাহে পহুলৈ ৰূপান্তৰিত হ’ব ধৰিছে।বিগত বৰ্ষত পোহৰলৈ আহিছে এটাৰ পিছত এটা হত্যাকাণ্ডৰ ঘটনা।ইয়াৰ মাজতে শুকুৰবাৰে পোহৰলৈ আহিছে আন এক নৃশংস হত্যাকাণ্ডৰ ঘটনা।খবৰ অনুসৰি পৰকীয়া প্ৰেমৰ বাবে নিজ পত্নীক হত্যা কৰে স্বামীয়ে।
বকোৰ দক্ষিণ কামৰূপত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ! পৰকীয়া প্রেমৰ বাবেই স্বামীয়ে হত্যা কৰিলে গৰ্ভৱতীপত্নীক ।জানিব পৰা মতে প্ৰায় ৬ মাহ আগত বিবাহ পাশত আৱদ্ধ হৈছিল দুয়ো।নতুন দেউচাৰ বাসিন্দ ছান মিঞাৰ পুত্ৰ আখটাৰ হুছেইন আৰু ১৭ বছৰীয়া বকোৰ কলোহিকাশ গাঁৱৰ বাসিন্দ অসীম উদ্দিনৰ কন্যাই ছাজিদা বেগম বিবাহ পাশত আৱদ্ধ হৈছিল।কিন্তু বিয়াৰ পাছতে অন্য যুৱতীৰ প্ৰেমত পৰিছিল আখটাৰ হুছেইন।এই কথাক লৈ আপত্তি কৰিছিল পত্নীয়ে।গতিকে পৰকীয়া প্ৰেমৰ বাবে হত্যা কৰাৰ সন্দেহ কৰে অৰক্ষীয়ে।
কিশোৰী গৰাকীৰ পৰিয়ালৰ মতে মৃত্য়ুৰ সময়ত কিশোৰীগৰাকী ২ মাহত গৰ্ভৱতী আছিল।স্বামী আখটাৰ হুছেইনে বহুদিনৰ পৰা হত্যাৰ পৰিকল্পনা কৰিছিল বুলি অভিযোগ কৰে পৰিয়ালৰ লোকে।জানিব পৰা মতে,আখটাৰে বুধবাৰে হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰে। ছাজিদা বেগমৰ পৰিয়ালৰ এজাহাৰৰ পাছতেই মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচি এইচলৈ প্ৰেৰণ কৰে।যুৱকজনৰ পৰিয়ালৰ মতে এয়া আত্মহত্যা বুলি অভিযোগ কৰে ।আৰক্ষীয়ে কোনো তথ্য পোৱা নাই ।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।