Local, Vocal, Global

বহু বিপদজনক ৰোগৰ পৰা মুক্ত কৰি ৰাখে নহৰুৱে!খাদ্যত দিয়া নহৰুৰ উপকাৰিতাৰ বিষয়ে জানেনে আপুনি?

ডিজিটেল ডেস্ক:- খাদ্যত দিয়া নহৰুৰ আছে বহুতো উপকাৰিতা।নহৰুৱে আমাৰ শৰীৰক বহু বিপদজনক ৰোগৰ পৰা মুক্ত কৰি ৰাখে।নহৰুৱে খাদ্য সুস্বাদু কৰাৰ লগতে স্বাস্থ্যও ভালে ৰাখে।প্ৰাচীন কালৰ পৰাই নহৰু ঔষধ হিচাপে ব্যৱহাৰ হৈ আহিছে।বিশেষকৈ শীতৰ দিনত প্ৰতিটো খাদ্যত নহৰু দি ৰন্ধা হৈছিল।কাৰণ ইয়াৰ আছে বহুতো উপকাৰিতা গুণ।আজি আমি আপোনাক নহৰুৰ উপকাৰিতাৰ বিষয়ে কম-

নিমখ দি গৰম কৰাৰ পাছত প্ৰতিদিনে এচিকুট নিমখৰ সৈতে নহৰু খাব পাৰে ।গাখীৰত তিনিটা কলি সিজাই খালেই যথেষ্ট উপকাৰ পোৱা যায়।

নহৰু খালে ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী হয়।নহৰুৱে আমাক ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত শক্তি দিয়ে।

তেজ পৰিষোধক হিচাপে নহৰুৱে কাম কৰে।

হৃদৰোগী সকলৰ বাবে নহৰু অতি উপকাৰী।ই কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে আৰু ৰক্ত সঞ্চালন উন্নত কৰে।দৈনিক ভজা বা কেঁচা নহৰু খালে হৃদযন্ত্ৰশক্তিশালী হৈ থাকে।

খালী পেটত নহৰু খালে তেজত চেনীৰ পৰিমান নিয়ন্ত্ৰণত ৰাখে । ডায়েবেটিচ ৰোগীৰ বাবে নহৰু অতি লাভান্বিত।

নহৰুৱে চৰ্দি নিৰাময় কৰে।চৰ্দি লাগিলে সামান্য পৰিমাণৰ নহৰুৰ ৰস নাকত ভিতৰত সানি দিলে নাকৰ পৰা পানী ওলোৱা বন্ধ হয়।

ৰজোনিবৃত্তি হোৱা মহিলাৰ ইষ্ট্ৰোজেন হৰমোনত ক্ৰিয়া কৰি হাঁড়ক সুৰক্ষা দিয়ে।

হাড়ৰ বিষ থকা ৰোগীৰ বাবে নহৰু উপকাৰী।

প্ৰতিদিনে নহৰু খালে এলাৰ্জিৰ চিন আৰু ফোহা দূৰ হয়।নহৰুৰ প্ৰদাহ নিবাৰণকাৰী গুণ আছে,যিয়ে এলাৰ্জি দূৰ কৰে।

দাঁতৰ বিষ হ’লে নহৰু পিহি লগাব লাগে ।বিষৰ পৰা উপশম পায়।