Local, Vocal, Global

CLP meeting to decide CM candidate: আজি সন্ধিয়া চি এল পিৰ বৈঠকত নিৰ্ধাৰণ হ’ব কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ নাম

নেশ্ব্যনেল ডেস্ক, ১৪ মে’ : দেওবাৰে অৰ্থাৎ আজি সন্ধিয়া বেংগালুৰুত অনুষ্ঠিত হ’ব কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ নৱনিৰ্বাচিত কংগ্ৰেছ বিধায়কসকলৰ বিধায়িনী বৈঠক (Congress Legislative Party) । কংগ্ৰেছ দলৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ শীৰ্ষ নেতাৰ উপস্থিতিত সন্ধিয়া ৬ বজাত বেংগালুৰুৰ এখন ব্যক্তিগত হোটেলত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত কংগ্ৰেছ দলৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হ’ব তাৰ সিদ্ধান্ত লোৱা হ’ব। এই বৈঠকত কংগ্ৰেছৰ নৱনিৰ্বাচিত ১৩৫ গৰাকী বিধায়কে অংশগ্ৰহণ কৰিব (State and National Congress leaders) ।

বিৰোধী দলপতি সিদ্দাৰামাইয়া (Leader of Opposition Siddaramaiah), KPCC ৰ সভাপতি ডি কে শিৱকুমাৰ (KPCC President D K Shivakumar), AICC ৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুনা খাৰ্গে (AICC National President Mallikarjuna Kharge), প্ৰচাৰ সমিতিৰ সভাপতি এম বি পাটিল, ইস্তাহাৰ সমিতিৰ সভাপতি ড০ জি পৰমেশ্বৰ, জ্যেষ্ঠ বিধায়ক আৰভি দেশপাণ্ডে, এইচ কে পাটিল, KPCC ৰ প্ৰাক্তন সভাপতি দীনেশ গুণ্ডুৰাও, জ্যেষ্ঠ লিংগায়ত নেতা শামনুৰ শিৱশংকৰপ্পা আদিকে ধৰি একাংশ মুখ্যমন্ত্ৰীৰ দৌৰত আছে বুলি সূত্ৰই জনাইছে । অৱশ্যে সিদ্দাৰামাইয়া অথবা ডি কে শিৱকুমাৰৰ ভিতৰত কোনোবা এজনেই যে মুখ্যমন্ত্ৰী হ’ব সেয়া প্ৰায় নিশ্চিত ।

সূত্ৰ অনুসৰি সিদ্দাৰামাইয়াই প্ৰথম দুবছৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব । পৰৱৰ্তী সময়ত KPCCৰ সভাপতি ডি কে শিৱকুমাৰে তিনি বছৰলৈ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব । এই ডি কে শিৱকুমাৰৰ নেতৃত্বতে ২০২৮ চনৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি তথ্য পোৱা গৈছে (Leadership of D K Shivakumar) । বিধায়িনী দলৰ বৈঠকত নিৰ্বাচিত হোৱা নতুন মুখ্যমন্ত্ৰীয়ে কাইলৈ অৰ্থাৎ সোমবাৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব (Chief minister of Karnataka) ।

গোপন বেলটৰ দ্বাৰা হ’ব নেকি মুখ্যমন্ত্ৰীৰ নিৰ্বাচন ? যিহেতু ৰাজ্যখনৰ মুখ্যমন্ত্রী পদৰ বাবে তীব্ৰ প্রতিদ্বন্দ্বিতা চলিছে, সেয়েহে ৰাষ্ট্রীয় প্ৰয্যায়ৰ নেতাসকলে বুজনিৰ জড়িয়তে তেওঁলোকক শান্ত কৰিবলৈ চেষ্টা চলাইছে ৷ যদি এই কামত সফল নহয় তেন্তে কংগ্ৰেছে গোপন বেলটৰ জৰিয়তে মুখ্যমন্ত্ৰী প্ৰাৰ্থীক বাচনি কৰিব পাৰে (CM selection by secret ballot) । কিন্তু পৰিস্থিতি সেই পৰ্যায়লৈ নিনিয়াৰ সিদ্ধান্ত লোৱা ৰাষ্ট্ৰীয় নেতৃত্বই শনিবাৰে নিজেই ৰাজ্যিক কংগ্ৰেছৰ নেতাসকলৰ সৈতে দুটা ৰাউণ্ডৰ আলোচনাত মিলিত হয় ।

দেওবাৰে সন্ধিয়ালৈকে আৰু বহুকেইখন আলোচনা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । এইসমূহ আলোচনাৰ শেষত সমূহ বিধায়কৰ সমৰ্থন থকা নেতাগৰাকীয়ে পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিব । তথাপিও পৰিৱৰ্তনৰ প্ৰয়োজন হ’লে, হাইকমাণ্ডে বিধায়কসকলক বুজাবলৈ চেষ্টা কৰিব যাতে এগৰাকী শক্তিশালী নেতাক মুখ্যমন্ত্ৰীৰ পদলৈ উন্নীত কৰিব পাৰে (Strong leader to post of Chief minister)। নতুন মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ অন্তত গঠন হ’ব কেবিনেট ।

নিৰ্বাচনৰ পূৰ্বে বহুকেইটা প্ৰতিশ্ৰুতি ঘোষণা কৰা কংগ্ৰেছে চৰকাৰ গঠণৰ পাছত হ’ব লগা প্ৰথমখন কেবিনেট বৈঠকতে অনুমোদন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল (Lot of promises) । এতিয়া ৰাইজৰ সমৰ্থনো লাভ কৰিছে । সকলোৱে বিচাৰিছে অতি সোনকালে ৰাজ্যত কংগ্ৰেছ চৰকাৰ গঠণ হ’ব লাগে । উল্লেখ্য যে, আজি সন্ধিয়া অনুষ্ঠিত হ’বলগীয়া বৈঠকত ৰাজ্যিক নেতৃত্ব আৰু হাইকমাণ্ডৰ মাজত আলোচনা ফলপ্ৰসূ হ’লেই কাইলৈ অৰ্থাৎ সোমবাৰে বিধায়িনী দলৰ নিৰ্বাচিত নেতাগৰাকীয়ে নতুন মুখ্যমন্ত্ৰী হিচাবে শপত ল’ব (CM will take oath tomorrow itself)।