Local, Vocal, Global

Cyclone Mocha Alert: ঘূৰ্ণীবতাহে তীব্ৰতৰ হৈ মোচা অৰ্থাৎ তীব্ৰ ধুমুহালৈ পৰিণত হৈছে; পশ্চিম বংগৰ দীঘাত NDRFৰ ৮টাকৈ উদ্ধাৰকাৰী দল নিয়োগ

নেশ্যনেল ডেস্ক, ১২ মে’: এক উদ্বেগৰ খবৰ (Cyclone Mocha Alert) । ঘূৰ্ণীবতাহ মোচাই ১২ মে’ অৰ্থাত আজি সন্ধিয়াৰ ভাগলৈ ঘূৰ্ণীবতাহে তীব্ৰ ৰূপ ধাৰণ কৰি অহা ১৩ মে’ত চৰম পৰ্যায়ত উপনীত হ’ব বুলি বতৰ বিজ্ঞান বিভাগে আশংকা ব্যক্ত কৰিছে (Depression over Bay of Bengal intensifies into cyclonic storm) । অৱশ্যে ১৪ মে’ৰ পৰা ইয়াৰ প্ৰভাৱ লাহে লাহে হ্ৰাস পাব বুলি আশা কৰা হৈছে । মধ্য বংগ উপসাগৰ অঞ্চলৰ সৈতে সংলগ্ন বংগৰ দক্ষিণ-পূব উপসাগৰৰ ওপৰত ঘূৰ্ণীবতাহ মোচা আৰু অধিক তীব্ৰতৰ হৈ পৰিছে ।

বৰ্তমান ই ঘণ্টাত ৯ কিলোমিটাৰ বেগেৰে উত্তৰ দিশলৈ গতি কৰিছে । এই কথা উল্লেখ কৰিছে আইএমডিৰ বিজ্ঞানী উমাশংকৰ দাসে (IMD scientist Umashankar Das) । অৱশ্যে সমগ্ৰ পৰিস্থিতি একেধাৰে নিৰীক্ষণ কৰি আছে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে ।

শেহতীয়াকৈ বতৰ বিজ্ঞান বিভাগে স্পষ্ট কৰি দিছে যে বংগোপ সাগৰত ঘূৰ্ণীবতাহ মোচায়ে এক ভয়ংকৰ ৰূপ লৈছে । দক্ষিণ-পূব উপসাগৰৰ ওপৰত ঘূৰ্ণীবতাহ যোৱা ৮ ঘণ্টাত ৮ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ গতিৰে উত্তৰ-পশ্চিম দিশে গতি কৰি আছে ।

আইএমডিয়ে উল্লেখ কৰা অনুসৰি, বংগোপসাগৰৰ ওপৰত পৰা গভীৰ চাপৰ ফলত সৃষ্টি হোৱা ঘূৰ্ণীবতাহে মোচালৈ পৰিণত হৈছে । ইয়াৰ ফলত বাংলাদেশ আৰু ম্যানমাৰত ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি বতৰ বিজ্ঞান বিভাগে ইতিমধ্যেই সতৰ্কবাণী জাৰি কৰিছে (IMD issued warning) ।