Local, Vocal, Global

Profitable Business Beekeeping: ঘৰৰ বাৰীতেই মৌ-পালনেৰে বছৰি উপাৰ্জন কৰিব পাৰে লাখ লাখ টকা

নিউজ ডেস্ক, ১৫ মে’: মৌ জোল বা মৌ ৰসৰ চাহিদাৰ কথা সকলোৱে জানে (Demand for honey)। যিহেতু মৌ ৰসৰ ১ কিল’ ওজনৰ বটল এটাৰ দামেই প্ৰায় ৩০০ ৰ পৰা ৫০০ টকা পৰ্যন্ত হয় । মৌ-পালন সকলোৱে কৰিব পাৰে; কাৰণ মৌ পালনৰ বাবে কোনো পূঁজিৰ প্ৰয়োজন নাই। মৌ-মাখি আৰু বাকচটো কিনাৰ বাবদ অলপ মান পইচা খৰচ হ’ব পাৰে । তদুপৰি মৌ পুহিবলৈ অতিৰিক্ত মাটি নালাগে, লগতে খৰচো নাই (Beekeeping does not require additional land) ।

অন্য কামৰ সমান্তৰালভাৱে মৌ পালন কৰিব পাৰে কৃষকসকলে । আনহাতে অন্য কামৰ দৰে ইয়াত দিনে নিশাই কষ্ট কৰিব নালাগে । একেধৰণে গৰু-ছাগলী পোহাৰ দৰে যতনৰো প্ৰয়োজন নাই, খাবলৈয়ো দিব নালাগে । সিহঁতে নিজে নিজৰ খাদ্য আহৰণ কৰি লয় (Bees feed themselves)।

কৃষকসকলে ঘৰতে মৌ পালনেৰে মৌ ৰস উৎপাদন কৰি যথেষ্ট লাভান্বিত হ’ব পাৰে । তাৰ বাবে মৌ পালন কৰিবলৈ কৃষকগৰাকীক প্ৰথম অৱস্থাত এটা মৌ বাকচৰ প্ৰয়োজন । যিজন মৌ পালকৰ পৰা মৌ-মাখি কিনি আনিব তেওঁক প্ৰথমে মৌ বাকচটো দিব লাগিব । যিহেতু মৌ বাকচটোত মৌ-মাখি ভৰাই দিবলৈ প্ৰয়োজন হ’ব ।

মৌ বাহটো আনি আপুনি ঘৰৰ বাৰী, পিৰালি আদি যিকোনো ঠাইত ৰাখিব পাৰে । এটা ডাঙৰ মৌ-মাখি ৰখা বাকচৰ দাম ১৭০০ ৰ পৰা ১৮০০ টকা হ’ব । মৌ-মাখিৰ দাম ১০০০ টকাৰ কেতিয়াবা বেছিও হয় আৰু কেতিয়াবা কম হয় । এই মৌ পালনৰ বাবে বাকী প্ৰয়োজনীয় দুই এটা বস্তু লাগিব যিবোৰ ঘৰতে পোৱা যায় । পৰৱৰ্তী সময়ত সেই মৌ-বাহৰ পৰাই মৌ-মাখিৰ সংখ্যা বঢ়াই যাব পাৰি ।

এগৰাকী মৌ পালক প্ৰদীপ ফুকনে জানিবলৈ দিয়া মতে, এবাহ মৌ-মাখিৰ পৰা বছৰি ৭ হাজাৰ টকা উপাৰ্জন কৰিব পাৰি । ঠিক সেইদৰে ঘৰৰ বাৰীখনতে এজন কৃষকে মৌ-পালন কৰিব পাৰে । যদি এজন কৃষকে এনেদৰে ৫০ টা মৌবাহ পোহে, বছৰত ৩ লাখ টকালৈকে উপাৰ্জন কৰিব পাৰিব (Beekeeping can earn millions of rupees annually) ।

মহিলাসকলেও মৌ-পালন কৰিব পাৰে । মৌ পালনত শাৰিৰীক কষ্ট একেবাৰে নহয় । ঘৰৰ কাম-বন কৰাৰ লগতে মহিলাসকলে মৌ পালনেৰে এই ব্যৱসায়ত জড়িত হৈ ধন উপাৰ্জন কৰিব পাৰে । মৌৰ লগতে কৃষকসকলে নিজৰ বাৰীৰখনত শাক-পাচলি, ফল-মূলৰ খেতিও কৰিব পাৰে । মৌ-পালন কৰা বাৰীত শাক-পাচলি, ফল-মূল বেছি উৎপাদন হয়। মৌ-মাখিবোৰে পৰাগ ৰেণু সৃষ্টি কৰাত সহায় কৰে আৰু মৌ-মাখিবোৰেও এই ফল-ফুল, ফল-মূলবোৰৰ পৰা ৰস সংগ্ৰহ সহজে কৰিব পাৰে (Bees produce pollen)।