WATCH | Bhupen Kumar Borah : ”মই দেখা কি সপোন বাস্তৱায়িতা হৈছে আৰু মোৰ কি সপোন বাস্তৱায়িতা হোৱা নাই মুখ্যমন্ত্ৰীয়ে ভালদৰে জানে”

বিশ্বনাথ,১৪মে’ : “মুখ্যমন্ত্ৰী আৰু মোৰ বয়স একে আৰু একেলগে মেট্ৰিক দিছিলো। আমি ২৩ বছৰ একেলগে ৰাজনীতি কৰিছোঁ। আমি একেলগে ৰাজনীতিত একেদিনাই যোগদান কৰিছিলোঁ। মই কি কি সপোন দেখিছোঁ মুখ্যমন্ত্ৰীয়ে জানে। মই দেখা কি সপোন বাস্তৱায়িতা হৈছে আৰু মোৰ কি সপোন বাস্তৱায়িতা হোৱা নাই মুখ্যমন্ত্ৰীয়ে ভালদৰে জানে ।”বিশ্বনাথত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মন্তব্য।
আজি বিশ্বনাথত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা গৰাকীয়ে আজি জিলা কংগ্ৰেছৰ ৰাজীব ভৱনৰ গাতে লাগি থকা নৱ নিৰ্মিত কাৰ্যালয় আনুষ্ঠানিক ভাবে মুকলি কৰাৰ লগতে জিলা কংগ্ৰেছৰ ব্যৱসায়ীক প্ৰতিষ্ঠান এখনো আনুষ্ঠানিক ভাবে মুকলি কৰে।
এই অনুষ্ঠানতে বিশ্বনাথ জিলাত পঞ্চায়ত নিৰ্বাচনত জয় লাভ কৰা প্ৰাৰ্থী সকলক অভিনন্দন জনাই। এই অনুষ্ঠানতে সাংবাদিকৰ আগত সভাপতি গৰাকীয়ে কেইবাটাও তাপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰে। সভাপতি গৰাকীয়ে কয় যে মোৰ আৰু মুখ্যমন্ত্ৰীৰ বয়সো একে,একেলগে মেট্ৰিকো দিছোঁ আৰু একেলগে হিতেশ্বৰ শইকীয়াৰ দিনত দলত যোগদান কৰিছিলোঁ(Bhupen Kumar Borah)।
গতিকে মই জীৱনত কি কি সপোন দেখিছোঁ মুখ্যমন্ত্ৰীয়ে ভালদৰে জানে। মই দেখা সপোন কোন কেইটা বাস্তবায়িত হৈছে আৰু বাস্তবায়িত হোৱা নাই, মুখ্যমন্ত্ৰীয়ে জানে।
ইফালে কংগ্ৰেছ দল পঞ্চায়ত নিৰ্বাচনত বিধ্বস্ত হোৱা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয় যে যদি দুটা দশকৰ বিশ্লেষন কৰে,তেতিয়া দেখিব যি দল দিছপুৰত থাকে,অসমৰ ৰাইজে পঞ্চায়ত নিৰ্বাচনত সেই চৰকাৰৰ পক্ষে ভোট দান কৰি আহিছে। যেতিয়া আমাৰ কংগ্ৰেছ চৰকাৰ আছিল ২০১৩ চনত,তেতিয়া বিজেপিয়ে অসমত কেৱল ১৫ খনহে জিলা পৰিষদ জিকিছিল।
আনকি এইবাৰ আমি ৪০খন জিলা পৰিষদত মাত্ৰ ৫০০ ভোটৰ আশে-পাশে আৰু বহু আঞ্চলিক সদস্য মাত্ৰ ১০০ ভোটৰ আশে-পাশে পৰাজিত হৈছো।ফলাফল ভাল হোৱা হলে ভাল লাগিলে হয়।কিছুমান সীমাবদ্ধতা আছিলে,যি শাসনত থাকিলে সেই সীমাবদ্ধতা নাথাকে।আমি টিকত দিব হে পাৰিছো কিন্তু মই সভাপতি হিচাপে অথবা জিলা সভাপতি,ব্লক সভাপতি সকলে ভালদৰে সহায় কৰিব পৰা নাই বুলি তাৎপৰ্য পূৰ্ণ মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে।কংগ্ৰেছ সাময়িক ভাবেহে পিছ পৰিছে কিন্তু কৰ্মী সকলৰ মনোবল এতিয়াও অটুত আছে। হিন্দু মুছলিমৰ ৰাজনীতি কৰি থাকোতেই বিজেপিৰ হাতৰ পৰা হিমাচল প্ৰদেশ গ’ল,কৰ্ণাটক গ’ল আৰু এইবাৰ অসমো যাব।বিজেপিয়ে হিন্দু মুছলিমৰ ৰাজনীতি কৰি থাকে কিন্তু কংগ্ৰেছ দলে অসমৰ ৰাইজকহে বিচাৰে।
লগতে পঢ়ক :WATCH | CBSE Exam Results : CBSC পৰীক্ষাৰত উজলিল নগাঁৱৰ ডলি দাস