Local, Vocal, Global

Assembly Election Results: কোন ৰাজ্যত কাৰ অগ্ৰগতি, সবিশেষ

নিউজ ডেস্ক, ৩ ডিচেম্বৰ : আজি চাৰি ৰাজ্যত ভোটগণনা(Election Results)। অব্যাহত আছে মধ্য প্ৰদেশ, ছত্তীশগড়, ৰাজস্থান আৰু তেলেংগানাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা(
Assembly Election Results)।

নিৰ্বাচন আয়োগে দিয়া তথ্য অনুসৰি,

এই পৰ্যন্ত ছত্তিশগডড়ত বিজেপি ৪৩ খন আসনত আগবাঢ়ি আছে। ইয়াৰ বিপৰীতে কংগ্ৰেছ আগবাঢ়ি আছে ৩৯ খন আসনত । আনহাতে চি পি আই আগবাঢ়ি আছে এখন আসনত ।

মধ্যপ্ৰদেশৰ ২৩০ খন আসনৰ ভিতৰত বিজেপি ১৫০ খন আসনত আগবাঢ়ি আছে। আনহাতে কংগ্ৰেছ আগবাঢ়ি আছে ৬৯ খন আসনত। ইয়াৰোপৰি অন্যান্য আগবাঢ়ি আছে ৩ খন আসনত।

ইফালে ৰাজস্থানত ১৯৯ খন আসনৰ ভিতৰত বিজেপি ১০৩ খন, কংগ্ৰেছ ৭৪ খন আসনত আগবাঢ়ি আছে। ইয়াৰোপৰি অন্যান্য আগবাঢ়ি আছে ১৬ খন আসনত।

আনহাতে তেলেংগানাত ১১৯ খন আসনৰ ভিতৰত কংগ্ৰেছ ৫৮ খন আসনত, বি আৰ এছ ৩৩ খন আসনত আৰু বিজেপি ৭ খন আসনত আগবাঢ়ি আছে।

লগতে পঢ়ক :Chhattisgarh Election Results 2023 : ছত্তিশগড়ত কাৰ অগ্ৰগতি? সবিশেষ