Local, Vocal, Global

Terrorists Open Fire On Bus : যাত্ৰীবাহী বাছত সন্ত্ৰাসবাদীৰ গুলীচালনা; নিহত ৮জন, আহত ২৬ জন

ইণ্টাৰনেশ্যনেল ডেস্ক, ৩ ডিচেম্বৰ : যাত্ৰীবাহী বাছত সন্ত্ৰাসবাদীৰ গুলীচালনা । সন্ত্ৰাসবাদীৰ গুলীত নিহত ৮জন লোক লগতে আহত হয় ২৬ জন(Terrorists Open Fire On Bus) ।

শনিবাৰে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো । শনিবাৰে নিশা পাকিস্তানৰ কাশ্মীৰৰ গিলগিট বাল্টিস্তান অঞ্চলত সংঘটিত হয় এক গুলীচালনাৰ ঘটনা ।

জানিব পৰা মতে, পাকিস্তানত এখন যাত্ৰীবাহী বাছত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে । এই গুলীচালনাৰ ফলত কমেও ৮ জন লোক নিহত হোৱাৰ লগতে ২৬ জন আহত হয়।

এজন আৰক্ষী বিষয়াই জানিবলৈ দিয়া অনুসৰি, বাছখন গিলগিটৰ পৰা ৰাৱালপিণ্ডিলৈ গৈ থকা অৱস্থাত চিলাছত সন্ধিয়া প্ৰায় ৬:৩০ বজাত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে । সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছত চালকজনে বাহনখনৰ নিয়ন্ত্ৰণ হেৰুৱাই আৰু তাৰ বিপৰীত ফালৰ পৰা আহি থকা এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ হয়(8 dead, 26 injured as terrorists open fire on bus in POK’s Gilgit Baltistan)।

ইফালে উপ আয়ুক্ত চিলাছ আৰিফ আহমেদে কয় যে এই আক্ৰমণৰ ফলত ৮ জন লোক নিহত হয় নিহতৰ সকলৰ ভিতৰত ৫ জন লোকক চিনাক্ত কৰা হৈছে যদিও বাকী দুজনক বৰ্তমানেও চিনাক্ত কৰিব পৰা হোৱা নাই । তেওঁ লগতে কয় যে আহত আন ২৬ জন লোকক ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়(8 dead, 26 injured as terrorists open fire on bus in PoK’s Gilgit Baltistan) ।

উল্লেখ্য যে, এই আক্ৰমণৰ ফলত বাছখনত থকা দুজন সেনা জোৱানো নিহত হোৱাৰ লগতে বিশেষ সুৰক্ষা ইউনিটৰ এজন জোৱান আহত হোৱা বুলি উপাযুক্তগৰাকীয়ে জানিবলৈ দিয়ে।

উপাযুক্তগৰাকীয়ে কয় যে বাছখনত থকা অধিকাংশ যাত্ৰী কোহিস্তান, পেছাৱাৰ, ঘিজাৰ, চিলাছ, ৰৌণ্ডু, স্কাৰডু, মানচেহৰা আৰু স্বাবি অঞ্চলৰ আৰু এজন বা দুজন লোক সিন্ধৰ(8 Dead, 26 Injured As Terrorists Open Fire On Bus In Gilgit Baltistan)।

আনহাতে এই ভয়ংকৰ আক্রমণৰ পাছত সন্ত্ৰাসবাদীকেইটা ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।

বৰ্তমান আহত লোকসকলৰ কেইবাজনৰো অৱস্থা সংকটজনক আৰু মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

আক্ৰমণৰ ঘটনাৰ পিছতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে আৰু সন্ত্ৰাসবাদীক ধৰিবলৈ তালাচী অভিযান চলাই ।

লগতে পঢ়ক : Assault On Manipuri Woman In Delhi : পুনৰ ভাইৰেল মেইটেই সম্প্ৰদায় লোকক আক্ৰমণ কৰা আন এক ভিডিঅ’ !