Local, Vocal, Global

Chambal Express Divided into Two Parts : শিহৰণকাৰী ঘটনা; চম্বল এক্সপ্ৰেছ দুটা ভাগত বিভক্ত

নেশ্যনেল ডেস্ক, ৩ ডিচেম্বৰ : এক শিহৰণকাৰী ঘটনা । চম্বল এক্সপ্ৰেছ দুটা ভাগত বিভক্ত ।

শনিবাৰে সংঘটিত হৈছে এই অঘটনটো । উত্তৰ প্ৰদেশৰ ঝান্সি-প্ৰয়াগৰাজ ৰে’ল পথৰ খাইৰাদা আৰু মাতোন্ধ ষ্টেচনৰ মাজত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো(Chambal Express Divided into Two Parts) ৷

উল্লেখ্য যে, শনিবাৰে গোৱালিয়ৰৰ পৰা হাওৰালৈ গৈ থকা চম্বল এক্সপ্ৰেছখন দুটা ভাগত বিভক্ত হৈ পৰে ৷ এই ঘটনাৰ পিছতে যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয় ৷

ঘটনাৰ বিৱৰণী অনুসৰি, শনিবাৰে বিয়লি প্ৰায় ২ মান বজাত গোৱালিয়ৰৰ পৰা হাওৰালৈ গৈ থকা চম্বল এক্সপ্ৰেছ ৰে’লখন ১০০ কিলোমিটাৰ প্ৰতি ঘণ্টাত গতি কৰি আছিল ৷ এই সময়ছোৱাত হঠাতে সংঘটিত হয় অঘটন । হঠাতে চম্বল এক্সপ্ৰেছ ৰে’লখন দুটা ভাগত বিভক্ত হৈ যায়(Chambal Express Divided into Two Parts in Banda) ।

ৰে’লখনৰ যাত্ৰীসকলৰ মতে, হঠাতে তেওঁলোকে কিবা এটা ভাঙি যোৱাৰ শব্দ শুনিছিল আৰু তাৰ পিচত ৰেলখনৰ এটা ডবা ৰৈ গৈছিল আৰু দ্বিতীয় অংশটো প্ৰায় ৩০০ কিলোমিটাৰ আগবাঢ়ি গৈছিল।

ৰে’লখনৰ ডবাটো এৰি যোৱা দেখি ৰে’লখন ৰখাই দিয়া হৈছিল ৷ লগে লগে ঘটনাৰ সম্পৰ্কে ৰে’ল বিভাগৰ কৰ্তৃপক্ষক অৱগত কৰা হৈছিল ৷ঘটনাৰ সম্পৰ্কে খবৰ পোৱাৰ লগে লগে ৰে’লৱেৰ কাৰিকৰী দল ঘটনাস্থলীত উপস্থিত হয় আৰু প্ৰেচাৰ পাইপ মেৰামতি কৰে ৷ প্ৰেচাৰ পাইপটো মেৰামতি কৰাত ডবা দুটা পুনৰ সংযোজিত কৰা হয় ।

সৌভাগ্যক্ৰমে এই ভয়ংকৰ ঘটনাত কোনো যাত্ৰী হতাহত হোৱা নাই ৷

ষ্টেচন মেনেজাৰ মনোজ কুমাৰে কোৱা অনুসৰি, প্ৰেচাৰ পাইপ ফাটি যোৱাৰ বাবে ৰে’লখন দুটা ভাগত বিভক্ত হৈছিল ৷ ৰে’লখনৰ তিনিটা ডবা পৃথক হৈ গৈছিল ৷ সমগ্ৰ ঘটনাটোত কোনো ধৰণৰ ক্ষতি হোৱা নাই।

লগতে পঢ়ক : 20 Yr Old Man Kills Girlfriend in Hotel : প্ৰেমিকাক হত্য়া কৰি প্ৰেমিকে হোৱাটছএপ ষ্টেটাছত লগালে মৃতদেহৰ ফটো