Local, Vocal, Global

Anand Mishra against fake gold mafia : আনন্দ মিশ্ৰৰ তৎপৰতাত নকল সোণ মাফিয়াৰ আত্মসমৰ্পণ

লখিমপুৰ, ২৪ মে’ : লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই ড্ৰাগছ, নকল সোণৰ লগতে আন অপৰাধৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আই পি এছ আনন্দ মিশ্ৰ (SP Anand Mishra operation in Lakhimpur) । দায়িত্বভাৰ গ্ৰহণ কৰিয়েই অপৰাধীৰ বিৰিদ্ধে অভিযানত নামিছে বিষয়াগৰাকী । লখিমপুৰত প্ৰথমটো অভিযান চলাই মঙলবাৰে ভুৱা সোণ সৰবৰাহৰ সৈতে জড়িত তিনিজন দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰে আনন্দ মিশ্ৰই ।

উল্লেখ্য যে নগাঁও জিলাৰ মৰিকলং টাউন আৰক্ষী চকীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পিছতে ৰাজ্যত এতিয়া অপৰাধৰ বিৰুদ্ধে আৰক্ষীৰ বিশেষ অভিযান । নকল সোণ, নকল টকা অথবা ড্ৰাগছ এই সকলো আইন বিৰোধী কাৰ্যকলাপৰ বাবে এতিয়া আগতকৈ অধিক সৰৱ হৈছে অসম আৰক্ষী।

ৰাজ্যত আন আন অপৰাধৰ লগতে বিশেষভাৱে নকল সোণৰ বিৰুদ্ধে চলা ব্যাপক অভিযানত আৰক্ষীৰ জালত পৰিছে এটাৰ পাছত আন এটা কুখ্যাত অপৰাধী । লখিমপুৰত প্ৰথমটো অভিযান চলাই মঙলবাৰে ভুৱা সোণ সৰবৰাহৰ সৈতে জড়িত তিনিজন দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰে আনন্দ মিশ্ৰই । লখিমপুৰ জিলাৰ নতুন আৰক্ষী অধীক্ষৰ দায়িত্বত আই পি এছ আনন্দ মিশ্ৰক নিয়োগ কৰাৰ পিছতেই যেন ভয়ত কঁপি উঠিছে নকল সোণ মাফিয়া (IPS Anand Mishra Superintendent of Police lakhimpur)।

যাৰ বাবে এতিয়া লখিমপুৰত এটাৰ পিছত আন এটা নকল সোণ মাফিয়াৰ আত্মসমৰ্পণ কৰা দেখিবলৈ পোৱা গৈছে । মঙলবাৰৰ দিনটোত বঙালমৰা আৰক্ষী চকীত আত্মসমৰ্পণ কৰে ছয় নকল সোণ ব্যৱসায়ীয়ে । আত্মসমৰ্পণ কৰা ব্যৱসায়ী কেইজন ক্ৰমে আবু ছহিদ ওৰফে লম্বু ছহিদৰ, জাকিৰ হুছেইন, মিজানুৰ ৰহমান ওৰফে মিজু, শ্বাহাবুদ্দিন, ছাইদুল ইছলাম ওৰফে ছাইদুল্লাহ আৰু আব্দুল ৰাজ্জাক।

ইয়াৰে লম্বু ছহিদ লখিমপুৰৰ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ কোষাধ্যক্ষ আছিল । আত্মসমৰ্পিত লম্বু ছহিদ নকল সোণ আৰু জাল নোট চক্রৰ মাষ্টাৰমাইণ্ড আছিল । মাষ্টাৰমাইণ্ড গৰাকীৰ আত্মসমৰ্পণৰ খবৰ বিয়পাৰ লগে লগে লখিমপুৰবাসীয়ে ইয়াৰ কৃতিত্ব আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক দিয়া পৰিলক্ষিত হয় ।

উল্লেখ্য যে বুধবাৰৰ পুৱতি নিশা পৰ্যন্ত প্ৰায় ১৪ জন নকল সোণ আৰু জাল নোট ব্যৱসায়ীয়ে আত্মসমৰ্পণ কৰে ।

লগতে পঢ়ক: New recruitments in Assam: জুলাইত ওলাব অসম চৰকাৰৰ ২২,৭৬৫ টা পদৰ বাবে বিজ্ঞাপন