Local, Vocal, Global

New recruitments in Assam: জুলাইত ওলাব অসম চৰকাৰৰ ২২,৭৬৫ টা পদৰ বাবে বিজ্ঞাপন

গুৱাহাটী, ২৩ মে’: অসম চৰকাৰৰ বহুকেইটা বিভাগৰ বাবে চলিত বৰ্ষৰ জুলাই মাহত অতিৰিক্তভাৱে ২২,৭৬৫ টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ পাব । এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মঙলবাৰে জনতা ভৱনত আয়োদিত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্রীগৰাকীয়ে এই ঘোষণা কৰে । নিযুক্তি সম্পৰ্কীয় প্ৰসংগত আয়োজন কৰা সংবাদ মেলখনত মুখ্যমন্ত্রীগৰাকীয়ে কয়, অহা ২৫ মে’ৰ বিয়লি ৩ বজাত নিযুক্তি পত্ৰ বিতৰণৰ এখন বিশাল সমাৰোহৰ আয়োজন কৰা হৈছে (Appointment letter distribution in Assam) । য’ত শেহতীয়াকৈ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ মুঠ ৪৪,৭০৩ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্র প্ৰদান কৰা হ’ব । তেখেতে পুনৰ কয় যে, ৪৫ হাজাৰ নিযুক্তিৰ সংকল্প গ্ৰহণ কৰা হৈছিল যদিও দিব্যাংগসকলৰ স্বাস্থ্য পৰীক্ষা কৰাত কিছুসংখ্যক উত্তীৰ্ণ নোহোৱাত তেওঁলোকৰ ফলাফল উইথহেল্ড কৰি ৰখা হৈছে । যাৰ পৰিপ্ৰেক্ষিতত নিযুক্তি পাবলগীয়া প্ৰাৰ্থীৰ সংখ্যা অলপ কমি ৪৪,৭০৩ গৰাকী হ’ব ।

অহা ২৫ মে’ত নিযুক্তি পত্র প্ৰদান কৰিবলগীয়া ৪৪,৭০৩ গৰাকী প্ৰাৰ্থীৰ ভিতৰত আছে তৃতীয় বৰ্গত ১১,০৪৮ , চতুৰ্থ বৰ্গত ১৩,৭৩৯ , অসম আৰক্ষীত ১২৭৯ , অসম পুলিচ ৰেডিঅ’ অৰ্গেনাইজেচনত ৫৫৩, ‌অগ্নি আৰু জৰুৰীকালীন সেৱাত ৩৯ , হোম গাৰ্ডত ৩০৭, জে’লত ৩০১ , আবকাৰী বিভাগত ২২২ আৰু ফৰেষ্ট বেটেলিয়নত ২৭২০ গৰাকী । আনহাতে, অসম আৰক্ষীৰ শ্বহীদ পৰিয়ালৰ ২৩১ গৰ‍কীক নিযুক্তি প্ৰদান কৰা হ’ব বুলি তেখেতে জনায় (Assam Police Martyrs Families) । তাৰুপৰি স্বাস্থ্য বিভাগত ৫২৮১ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হ’ব । মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই লগতে উল্লেখ কৰে যে, শিক্ষা বিভাগত মহাবিদ্যালয়ৰ অধ্যাপকৰ উপৰি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ৭০৪ টা পদত নিযুক্তি প্ৰদান কৰা হ’ব । কলেজ শিক্ষকৰ সহকাৰী অধ্যাপক আৰু কৰ্মচাৰীৰ পৰীক্ষাৰ ফলাফল প’ৰ্টেলত উপলব্ধ কৰোৱা হৈছে বুলি উল্লেখ কৰি প্ৰাথমিক শিক্ষাত ৪৪৩৭ গৰাকী উত্তীৰ্ণ প্ৰাৰ্থীৰ ফলাফল প’ৰ্টেলৰ জড়িয়তে দিয়াৰ ব্যৱস্থা কৰা বুলি জানিবলৈ দিয়ে ।

আনহাতে উচ্চ মাধ্যমিকৰ স্নাতক শিক্ষকৰ ২৩৩২ টা পদত নিযুক্তি দিয়া হ’ব (Graduate teacher of higher secondary education) । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, প্ৰ‍াথমিক শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বাহিৰৰ কোনো লোকে নিযুক্তি পোৱা নাই (Recruitment of Primary Teachers) । বাতৰি কাকতত প্ৰকাশ পোৱা বাতৰি শুদ্ধ নহয় । কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দান অনুসৰি বাহিৰৰ প্ৰাৰ্থীক নিযুক্তি দিয়াত বাধা দিব নোৱাৰিব বুলিও তেওঁ কয় । তেখেতে লগতে কয় যে, ৪৪,৭০৩ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিলে ৮৮ হাজাৰ নিযুক্তি সম্পূৰ্ণ হ’ব । জুলাই মাহত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ থাকি যোৱা পদৰ ৮৩৫ গৰাকী প্ৰ‍াৰ্থীৰ অতিৰিক্ত ত‍ালিকাখনো প্ৰকাশ পাব । সেই অনুসৰি আৰু ১১ হাজাৰ নিযুক্তি দিলে ১ লাখ নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি পূৰণ হ’ব । সেই প্ৰতিশ্ৰুতি অনুসৰি অহা জুলাইত ২২,৭৬৫ টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ পাব । এই নিযুক্তি সম্পূৰ্ণ হ’লে এক লাখৰ বিপৰীতে অভাৰলেপিং ধৰিলেও এক লাখ ১৫ হাজাৰ নিযুক্তি দিবলৈ চৰকাৰ সক্ষম হ’ব বুলি তেখেতে কয় ।

ইপিনে, অহা জুলাইত ২২,৭৬৫ টা পদৰ বাবে অতিৰিক্ত বিজ্ঞাপন দিয়‍া হ’ব আৰু ইয়‍াৰ ভিতৰত বিদ্যুৎ পৰিষদত ২৫০০, কৃষি বিভাগত ২৫০০, আৰক্ষীত ২০০০, স্বাস্থ্য বিভাগত ৬০০ , বিভিন্ন বিভাগৰ তৃতীয় বৰ্গত ২৫১৯ আৰু চতুৰ্থ বৰ্গত ১৩৪৭ , পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ১০০০ আৰু শিক্ষা বিভাগত ১০২১৯টা পদৰ বিজ্ঞাপন প্ৰকাশ পাব । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, খানাপাৰাৰ খেলপথ‍ৰত ২৫ মে’ৰ বিয়লি ৩ বজাত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতি নিযুক্তি পত্রসমূহ বিতৰণ কৰা হ’ব । নিযুক্তি পাব লগা প্ৰাৰ্থীসকলক সেই দিনা বিয়লি ২ বাজি ৩০ মিনিটৰ ভিতৰত অনুষ্ঠানস্থলীত উপস্থিত হ’বৰ বাবে তেখেতে আহ্বান জনায় ।

প্ৰাৰ্থীসকলক যিকোনো এখন পৰিচয় পত্ৰ লৈ আহিবলৈ তেখেতে আহ্বান জনায় । লগতে নিযুক্তি পোৱা প্ৰাৰ্থীসকলে ১ জুনৰ পৰা ১৫ জুনৰ ভিতৰত চাকৰিত যোগ দিব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । আনহাতে, নতুনকৈ চাকৰি লাভ কৰাসকলক চৰকাৰে প্ৰয়োজনত বেলেগ বেলেগ বিভাগতো ব্যৱহাৰ কৰিব পাৰিব বুলি উল্লেখ কৰি তেখেতে কয় যে, এইক্ষেত্ৰত এখন অধ্যাদেশ ইতিমধ্যেই জাৰি কৰা হৈছে । অৱশ্যে এই অধ্যাদেশ পুৰণা কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব । আনহাতে, শিক্ষক নিযুক্তিৰ ক্ষেত্রতো কিছু পৰিৱৰ্তন অনা হৈছে বুলি উল্লেখ কৰি তেখেতে কয়, এতিয়াৰে পৰা শিক্ষকৰ চাকৰিৰ ক্ষেত্রত টে’ট, বি এড আৰু শিক্ষাগত অৰ্হতাৰ নম্বৰসহ এটা চূড়ান্ত লিখিত পৰীক্ষাত অবতীৰ্ণ হ’ব লাগিব, যাতে যোগ্যতাৰ ভিত্তিত সকলোৱে চাকৰি পাব পাৰে ।

লগতে পঢ়ক: Assam CM on AFSPA: অসমৰ পৰা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ হ’ব AFSPA