Local, Vocal, Global

নুমলীগড়ত হাতী-মানুহৰ সংঘাতৰ ভয়ংকৰ ৰূপ

নুমলীগড়ত ভয়াৱহ ৰূপ লৈছে হাতী-মানুহৰ সংঘাতে। দিন দুপৰতে পোৱালিসহ বৃহৎ বন্যহস্তীৰ জাকে প্ৰৱেশ কৰে জনাঞ্চলত। আতংকিত গাঁওবাসী।

নুমলীগড় শ্যামৰায়পুৰ অঞ্চলত এটা বৃহৎ বন্যহস্তীৰ জাকে ত্ৰাসৰ সৃষ্টি কৰিছে। এতিয়া দিনে-নিশাই মানুহৰ ঘৰ, চাহ বাগিচাত জাকে জাকে বন্যহস্তীৰ বিচৰণ। উজাগৰে থাকি নিজৰ খেতিপথাৰ, ঘৰ-বাৰী ৰক্ষা কৰিব লগা হৈছে গাঁওবাসীয়ে। হাতে হাতে লাঠী, শিলগুটি-কেটেপা লৈ হাতীৰ জাকক আঁতৰাই পঠিয়াবলৈ চেষ্টা কৰিছে৷ হাতীয়েও খাদ্যৰ অভাৱত জনাঞ্চললৈ ওলাই আহি সৃষ্টি কৰে ত্ৰাসৰ। যিকোনো মুহূৰ্তত পৰিস্থিতি অধিক বিষময় হোৱাৰ আশংকা কৰিছে অঞ্চলবাসীয়ে৷ তৎস্বত্বেও নীৰৱ বন বিভাগ। এনেদৰে এতিয়া হাতী-মানুহৰ সংঘাত নিত্য-নৈমিত্তিক ঘটনাত পৰিণত হৈছে। কিন্তু বন বিভাগে ইমানৰ পিছতো কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নকৰাত ক্ষোভ উজাৰে ৰাইজে৷