Local, Vocal, Global

চীনা সামগ্ৰী বৰ্জনৰ আহ্বানেৰে উত্তাল উত্তৰ শালমাৰা

ভাৰতীয় সেনাৰ ওপৰত চীনা সেনাৰ বৰ্বৰ আক্ৰমণৰ বিৰোধিতাৰে শনিবাৰে বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে হিন্দু যুৱ-ছাত্ৰ পৰিষদে। ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে চীনৰ ৰাষ্ট্ৰীয় পতাকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ বঙাইগাঁও জিলা সমিতিৰ কৰ্মীসকলে বঙাইগাঁৱৰ দিশৰ পৰা প্ৰতিবাদী সমদল উলিয়াই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে ৰাইজক চাইনীজ সামগ্ৰী বৰ্জনৰো আহ্বান জনায়।