Local, Vocal, Global

Encounter in Jammu and Kashmir Pulwama: জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ

নেশ্যনেল ডেস্ক, ২১আগষ্ট : পুনৰ গুলীচালনাৰ ঘটনা। জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত গুলীচালনাৰ ঘটনা ৷ ২০আগষ্ট, দেওবাৰে সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত এক সংঘৰ্ষৰ সূত্ৰপাত হয়(Encounter in Jammu and Kashmir Pulwama) ৷ দেওবাৰৰ পৰা বৰ্তমানলৈ নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত চলি আছে এই গুলীচালনাৰ ঘটনা ৷ অৱশ্যে এতিয়ালৈকে এই গুলীচালনাৰ ফলত কোনো লোক আহত বা নিহত হোৱাৰ তথ্য লাভ কৰা নাই (Army jawan injured in encounter in Jammu and Kashmir Pulwama) ৷

কাশ্মীৰ মণ্ডল আৰক্ষীয়ে এক্স (পূৰ্বৰ টুইটাৰ)ত উল্লেখ কৰে যে , “জম্মু-কাশ্মীৰৰ পুলৱামাৰ লাৰ’-পৰিগাম অঞ্চলত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে । আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে নিজৰ কৰ্তব্য পালন কৰি আছে ৷ দুয়োপক্ষৰ পৰা কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নাই । এই গুলীচালনাৰ ঘটনা সংঘটিত হোৱা স্থানত মোতায়ন কৰা হৈছে আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ এটা বৃহৎ দল ’’ ৷

উল্লেখ্য যে, চলিত বৰ্ষৰ মে’মাহতো সন্ত্ৰাসবাদী গোটৰ সৈতে সংঘটিত হৈছিল গুলীচালনাৰ ঘটনা ৷ ফলত বাৰামুল্লাত সন্ত্ৰাসবাদী গোটৰ এজন নিহত হৈছিল লগতে ৰাজৌৰীৰ কাণ্ডি বনাঞ্চলত হোৱা গুলীচালনাত পাঁচজন সেনাবাহিনীৰ জোৱান শ্বহীদ হৈছিল । জম্মু-কাশ্মীৰত প্ৰায়েই সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ হোৱাৰ কথা শুনিবলৈ পোৱা যায় ।

চলিত বৰ্ষৰ মে’ মাহৰ G-২০ ৰ বৈঠকৰ মাজতে সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰিছিল অনন্তনাগত ভাৰতীয় নিৰাপত্তা বাহিনীক (Encounter breaks out between security forces)।

নিৰাপত্তা বাহিনীৰ এজন শীৰ্ষ বিষয়াই উল্লেখ কৰে যে বৰ্তমানেও দক্ষিণ কাশ্মীৰত অব্যাহত আছে তালাচী অভিযান ৷ লগতে এই আক্ৰমণৰ লগত জড়িত সন্ত্ৰাসবাদীৰ সন্ধানৰ বাবে কোৱাডকপ্টাৰ (Quadcopter)ব্যৱহাৰ কৰা হৈছে । কোৱাডকপ্টাৰ হৈছে এক বিশেষ ধৰণৰ ড্ৰোণ (Army jawan injured in encounter in Jammu and Kashmir Pulwama)।

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই উল্লেখ কৰা মতে, এতিয়াও দক্ষিণ কাশ্মীৰতে আছে সন্ত্ৰাসবাদীৰ গোটটো ৷ পীৰ পাঞ্জল পৰ্বতমালাৰ সিটো পাৰে যোৱা নাই সন্ত্ৰাসবাদীৰ দলটো ।

নিৰাপত্তা বাহিনীৰ এজন শীৰ্ষ বিষয়াই কয়, ‘‘আমি আশাবাদী যে সন্ত্ৰাসবাদীৰ দলটো পৰ্বতমালাটো সিটো পাৰে যোৱা আগতেই আমি কৰায়ত্ত কৰিম । বনাঞ্চলৰ মাজেৰে সন্ত্ৰাসবাদীৰ সম্ভাব্য গতিবিধিৰ তথ্য পোৱাৰ পিছত সেনাবাহিনীয়ে উক্ত অঞ্চলটো ঘেৰাও কৰি অভিযান আৰম্ভ কৰিব’’ ।

লগতে বিষয়াগৰাকীয়ে কয় যে, চলিত বৰ্ষৰ আৰম্ভণিতে ৰাজৌৰী-পুঞ্চত সংঘটিত হোৱা আক্ৰমণৰ সৈতে শেহতীয়াকৈ কুলগামত সংঘটিত আক্ৰমণৰ বহু মিল আছে বুলিও বিষয়াগৰাকীয়ে কয় ।

লগতে পঢ়ক :Ladakh accident: লাডাখত দুৰ্ঘটনাত পতিত ভাৰতীয় সেনা জোৱানৰ বাহন, ৯জন ভাৰতীয় সেনাৰ মৃত্যু