Local, Vocal, Global

Indrani Tahbildar Death: বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যা; চানমাৰি থানাত হাজিৰ বিজেপিৰ দুই কৰ্মী

নিউজ ডেস্ক, ২১আগষ্ট : ৰহস্যৰ অন্ত পৰা নাই বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যা ঘটনাৰ । নাম সাঙোৰ খাইছে এটাৰ পিছত আন এটা বিজেপিৰ কৰ্মীৰ । বিজেপি নেত্ৰীৰ আত্মহত্যা ঘটনাই পোহৰলৈ আনিছে এটাৰ পৰা এটাকৈ বহু বিস্ফোৰক তথ্য । প্ৰথমে ফটো ভাইৰেল’ বিজেপি নেত্ৰীৰ তাৰ পিছত আত্মহত্যা । আৰক্ষীয়ে ফটো ভাইৰেল’ৰ সম্পৰ্কে তদন্ত কৰিবলৈ গৈ বিচাৰি পাইছে এটাৰ পিছত আন এটা ক’লা অধ্যায়(Indrani Tahbildar Death) ।

এই ঘটনাৰ সৈতে নাম সাঙোৰ খাইছিল বিজেপিৰ কেইবাগৰাকী নেতা কৰ্মীৰ। বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ লগত নাম সাঙোৰ খাইছিল দ্বীবন ডেকাৰ তাৰ পিছতে সমগ্ৰ ঘটনাই লৈছিল অন্য মূৰ। জানিব পৰা মতে, দ্বীবন ডেকাই বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ অন্তৰংগ মুহূৰ্তৰ ফটো দিছিল মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক আৰু তাৰ পাছতে এই ফটো ভাইৰেল হোৱা অভিযোগ উঠিছিল।

এক ৰহস্যৰ আৱৰ্তনৰ যেন বিজেপি নেত্ৰীৰ আত্মহত্যাৰ ঘটনা । য’ত নাম সাঙোৰ খাইছে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যৰো। এইবাৰ চানমাৰি থানালৈ আহিবলগীয়া হৈছে বিজেপি দুই কৰ্মী কপিল তালুকদাৰ আৰু সঞ্জীৱ শৰ্মা। ইন্দ্ৰানী তহবিলদাৰৰ ঘটনা সন্দৰ্ভত দুয়োকে তলব কৰিছিল আৰক্ষীয়ে।

১৬ আগষ্টত দ্বিবন ডেকাই ফটোখন দিছিল কপিল তালুকদাৰক। ইতিমধ্যে দ্বিবনৰ ম’বাইল ফোনটো জব্দ কৰি তদন্ত ক্ষীপ্ৰ কৰিছে আৰক্ষীয়ে।যিসকললৈ দ্বিবনে ফটো প্ৰেৰণ কৰিছে, সেই সকলো আহিব তদন্তৰ আওতালৈ। ফটো ভাইৰেল প্ৰসংগতহে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। সেই অনুসৰি দুই বিজেপি কৰ্মী চানমাৰি আৰক্ষী থানাত উপস্থিত হৈছে । জানিব পৰা মতে, এই ঘটনাৰ বাবে আৰু বহু বিজেপি নেতা চানমাৰী আৰক্ষীয়ে তলব কৰাৰ সম্ভাৱনা আছে(2 BJP Executive Members Arrive At Chandmari PS)।

উল্লেখ্য যে, এতিয়াও আৰক্ষীয়ে তৃষ্ণা শৰ্মাই ৰুজু কৰা চাকৰি বজাৰৰ গোচৰটোৰ তদন্ত কৰা নাই। এই আত্মহত্যাৰ ঘটনাৰ আন এজন অভিযুক্ত অভিমন্যু দাস । বৰ্তমানো অন্তৰ্ধান অভিযুক্ত অভিমন্যু দাস। অভিযুক্ত অভিমন্যুৱে নেপালত আত্মগোপন কৰি থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

ইফালে বৰ্তমানেও আৰক্ষীৰ জিম্মাত আছে অভিযুক্ত দ্বিবন ডেকা, অসীম চক্ৰৱৰ্তী ,অনুৰাগ চলিহা, আৰু ৰেখান্ত দাস । ৭ দিনৰ জিন্মাত চান্দমাৰী আৰক্ষীয়ে বিচাৰিছিল তিনিওজন অভিযুক্তক। সেয়েহে, শনিবাৰে CJM আদালতে তিনিওজন অভিযুক্ত দ্বিবন ডেকা, ৰেখান্ত দাস আৰু অসীম চক্ৰৱৰ্তীক ৭ দিনৰ আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ কৰিছে।

লগতে পঢ়ক :Indrani Tahbildar Death Case : চানমাৰি থানাত উপস্থিত আত্মগোপন কৰি থকা দ্বীবন ডেকা