Local, Vocal, Global

Ladakh accident: লাডাখত দুৰ্ঘটনাত পতিত ভাৰতীয় সেনা জোৱানৰ বাহন, ৯জন ভাৰতীয় সেনাৰ মৃত্যু

নেশ্যনেল ডেস্ক, ২০আগষ্ট : লাডাখত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা(Ladakh accident)। লাডাখৰ লেহ জিলাত ভাৰতীয় সেনা জোৱান কঢ়িওৱা বাহন দুৰ্ঘটনাগ্ৰস্ত । ফলত ৯জন জোৱান নিহত হোৱাৰ লগতে আহত হয় এজন( 9 Soldiers Killed In Ladakh Accident) ।

জানিব পৰা মতে, শনিবাৰে লাডাখৰ লেহ জিলাত ভাৰতীয় সেনা জোৱান কঢ়িওৱা এখন বাহন নিয়ন্ত্ৰণ হেৰুৱাই আৰু ৰাস্তাৰ পৰা গভীৰ খাদত পৰে। ফলত কমেও ৯ জন জোৱান নিহত হোৱাৰ লগতে এজন আহত হয় বুলি সেনাৰ সূত্ৰই জানিবলৈ দিয়ে(9 Army personnel killed after vehicle plunges into gorge in Ladakh) ।

উল্লেখ্য যে, শনিবাৰে সন্ধিয়া প্ৰায় ৪.৪৫ বজাত দক্ষিণ লাডাখৰ নিয়োমাৰ কেৰিত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় । এই অঞ্চলটো লেহৰ পৰা প্ৰায় ১৫০ কিলোমিটাৰ দূৰত অৱস্থিত । জানিব পৰা মতে, সেনাবাহিনীৰ বাহনখন কৰু গেৰিছনৰ পৰা কিয়াৰি অভিমুখে গৈ আছিল । লেহৰ পাৰ্বত্য এলেকাৰ পথেৰে গৈ থাকোতে হঠাতে বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই আৰু বাগৰি গিৰিখাদত পৰি যায়।

লেহৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পি ডি নিত্যই জনাই যে, ১০ জন ভাৰতীয় সেনা জোৱানৰ সৈতে বাহনখন লেহৰ পৰা নিয়োমালৈ গৈ আছিল ৷ কিন্তু গৈ থাকোতে বাহনখনে পথত নিয়ন্ত্ৰণ হেৰুওৱাই, ফলত এটা খাদত বাগৰি পৰে ৷ আবেলি ৪.৪৫ বজাত এই ঘটনা সংঘটিত হয় ।

বিষয়াসকলে জনোৱা অনুসৰি বৰ্তমান উদ্ধাৰ অভিযান চলি আছে । লগতে বিষয়াসকলে জনাই যে, পাঁচখন বাহনেৰে সেনাৰ কনভয়টো নিয়োমালৈ গৈ আছিল ৷ কিন্তু তাৰে এখন বাহন দুৰ্ঘটনাত পতিত হয় ৷ দুৰ্ঘটনাগ্ৰস্ত বাহনখনত ১০ জন সৈনিক আছিল ৷ তাৰে ৯জনৰ মৃত্যু হয় আৰু এজন আহত হয়(JCO among 9 soldiers killed one injured in Leh accident) । মৃতসকলৰ ভিতৰত এজন কনিষ্ঠ কমিচনড অফিচাৰ আছিলে আৰু ৮ জন সেনা জোৱান আছে(9 Army soldiers killed 1 injured) ।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই ভয়ংকৰ দুৰ্ঘটনাৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে । প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এটা এক্স ছাইটত (পূৰ্বতে টুইটাৰ)এটা পোষ্ট কৰে আৰু লিখে , “আহত সেনা জোৱানসকলক ততাতৈয়াকৈ ফিল্ড হাস্পতাললৈ লৈ যোৱা হয় ।”লাডাখৰ লেহৰ ওচৰত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাত ভাৰতীয় সেনাৰ জোৱানসকলক হেৰুওৱাৰ বাবে মই দুঃখিত । তেওঁলোকৰ দেশৰ প্ৰতি অনুকৰণীয় সেৱা আমি কেতিয়াও পাহৰিব নোৱাৰিম । শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি মই সমবেদনা জ্ঞাপন কৰিছো । আঘাতপ্ৰাপ্ত জোৱানসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো ৷”

লগতে পঢ়ক :Rahul Gandhi Ladakh Visit: এইবাৰ বাইক Rider ৰ ৰূপত ৰাহুল গান্ধী, নেটিজেনে ক’লে ছুপাৰষ্টাৰ