Local, Vocal, Global

Bijuli Prasad : শতবৰ্ষ গৰকা বিজুলী প্ৰসাদ আৰু নাই,দেশৰ ভিতৰতে বয়স্ক হাতী আছিল বিজুলী প্ৰসাদ

নিউজ ডেস্ক, ২১আগষ্ট : বৰ্ষীয়ান হাতী বিজুলী প্ৰসাদ আৰু নাই । সোমবাৰে মৃত্য়ু হয় ব্ৰিটিছৰ দিনৰ সাক্ষী বহন কৰা শতবৰ্ষ গৰকা বিজুলী প্ৰসাদৰ ৷ দীৰ্ঘদিন ধৰি অসুষ্ট হৈ আছিল বিজুলী প্ৰসাদ ৷ বিজুলীৰ অকাল মৃত্যুত শোকৰ ছাঁ পৰিছে ৰাজ্যত । বৃটিছ উপনিৱেশৰ সাক্ষ্য বহনকাৰী ভাৰতৰ আটাইতকৈ বয়স্ক জীৱিত হাতীটোৰ নাম ৰাখিছিল বিজুলী প্ৰসাদ(Bijuli Prasad) ।

আনুমানিক ৮৯ বছৰ হৈছিল বিজুলী প্ৰসাদৰ ৷ দেশৰ ভিতৰতে আটাইতকৈ বয়স্ক জীৱিত হাতীটো আছিল বিজুলী প্ৰসাদ । অসমৰ শোণিতপুৰ জিলাৰ বিহালী সমষ্টিৰ বিহালী চাহ বাগিচাত আছিল হাতীটো। প্ৰথমে বিজুলীক বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বৰগাঁও চাহ বাগিছাত ৰখা হৈছিল যদিও পিছত বিহালী চাহ বাগিছাত ৰখা হয় বিজুলী প্ৰসাদক(World oldest Asiatic Elephant Bijuli Prasad passes away at 90 ending a remarkable era) ।

এসময়ত বগা চাহাবৰ ৰাজ আতিথ্য লাভ কৰিছিল বিজুলি প্ৰসাদে ৷ প্রায় ৮২ বছৰ পূর্বে উইলিয়ামছন মেগৰ টি কোম্পানীয়ে ক্ৰয় কৰিছিল হাতীটোক। ব্ৰিটিছৰ অলিভাৰ চাহাবে হাতীটোক নাম দিছিল বিজুলী।
মেগৰ কোম্পানীৰ পৰিয়ালৰ সদস্য হৈ পৰা বিজুলী এসময়ত হৈ পৰিছিল কোম্পানীটোৰ আভিজাত্যৰ প্ৰতীক(Oldest Elephant Bijuli Prasad Passes Away in Assam)।

বিজুলিক খাদ্যৰ বাবে প্ৰতিদিনে প্ৰয়োজন হৈছিল ২৫ কেজি চাউল, গোমধান, বুটমাহ আৰু সপ্তাহত কেইবাগাড়ীও কলগছ ৷ বিজুলী প্ৰসাদক এই খাদ্য যোগান ধৰিছিল চাহ বাগিছাৰ কৰ্তৃপক্ষই । আজি বিজুলী প্ৰসাদৰ মৃত্যুৰ খবৰে সকলোকে মৰ্মাহত কৰি তুলিছে ।

ইতিমধ্যে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি বাগিচাখনতে গাত খান্দি সৎকাৰৰ ব্যৱস্থা কৰা হৈছে ৷

লগতে পঢ়ক :Chandrayaan-3 : বিক্ৰম লেণ্ডাৰে প্ৰেৰণ কৰা নতুন ফটো শ্বেয়াৰ কৰিলে ISRO এ